কিয় বিশেষ খিলঞ্জীয়া আস্থা দিৱস জানেনে ? - খিলঞ্জীয়া আস্থা দিৱস

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Dec 1, 2023, 10:14 PM IST

জোনাই, ১ ডিচেম্বৰ : অৰুণাচল প্ৰদেশৰ খিলঞ্জীয়া আস্থা আৰু সাংস্কৃতিক সমিতিৰ ইষ্ট ছিয়াং ব্লক আৰু মেবো টাউন গংগিঙৰ মেবো ব্লক ডঞি প’ল’ য়েলাম কেবাং (ডিপিৱাইকে)ৰ যৌথ তত্বাৱধানত মেবো টাউন গেংগিঙত শুকুৰবাৰে কেন্দ্ৰীয়ভাৱে উদযাপন কৰা হয় পূব ছিয়াং জিলাৰ খিলঞ্জীয়া আস্থা দিৱস ।

ড’ঞি প’ল’ য়েলাম কেবাঙৰ প্ৰতিষ্ঠাপক তালম ৰুকবোৰ ৮৭ সংখ্যক জন্ম জয়ন্তী উপলক্ষে এই দিৱস পালন কৰা হয় । দিনজোৰা কাৰ্যসূচীত শোভাযাত্ৰা, পতাকা উত্তোলন আৰু মণ্ডলীৰ প্ৰাৰ্থনা, সাংস্কৃতিক উপস্থাপন আৰু আবোটানি গোটৰ অন্তৰ্গত আদিবাসী জনজাতিসকলৰ থলুৱা আস্থা আৰু সংস্কৃতিৰ ওপৰত আলোচনা কৰা হয় । এই উপলক্ষে সমল ব্যক্তি হিচাপে ভাষণ দি বম্পাং টায়েং, অলেন মেগু ডামিন, খিলঞ্জীয়া আস্থা আৰু সাংস্কৃতিক সমাজ, ইষ্ট চিয়াং ইউনিটৰ সভাপতি আজেম টায়েং আৰু ইয়াৰ সম্পাদক বেছিং যোছুঙে খিলঞ্জীয়া জনজাতিসকলৰ জাতিগত সুৰক্ষাৰ বাবে সাংস্কৃতিক পদ্ধতি আৰু জীৱন্ত পৰম্পৰা সংৰক্ষণৰ ওপৰত গুৰুত্ব আৰোপ কৰে ৷ তদুপৰি জনজাতীয় ৰাইজক নিজৰ জনগোষ্ঠীয় সংস্কৃতিক ভৱিষ্যত প্ৰজন্মৰ বাবে সংৰক্ষণ আৰু প্ৰচাৰ কৰিবলৈ আহ্বান জনোৱাৰ লগতে ধৰ্মান্তৰকৰণক গুৰুত্ব প্ৰদান কৰিবলৈ আহ্বান জনায়  ।

লগতে পঢ়ক : জোনাই চিমেন আঞ্চলিক বাথৌ মন্দিৰৰ লাইখুঁটা স্থাপন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.