Recognition of AMC: ইণ্ডিয়ান মেডিকেল কাউন্সিলে বাতিল কৰিব অসম চিকিৎসা মহাবিদ্যালয়ৰ স্বীকৃতি - ৰোষত পৰিল অসম চিকিৎসা মহাবিদ্যালয়
🎬 Watch Now: Feature Video
মৰাণ, 1 জুন : ৰাজ্যজুৰি তিনিখন আগশাৰীৰ চিকিৎসা মহাবিদ্যালয়ৰ স্বীকৃতি বাতিল কৰা হ’ব বুলি খবৰ প্ৰকাশৰ পিচতেই হুৱা-দুৱা লাগিছে ৰাইজৰ মাজত ৷ এই তিনিখন চিকিৎসা মহাবিদ্যালয়ৰ ভিতৰত নাম অন্তৰ্ভুক্ত হৈছে ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়ৰ (IMC to scrap Assam Medical College)৷ ইণ্ডিয়ান মেডিকেল কাউন্সিলৰ ৰোষত পৰিল অসম চিকিৎসা মহাবিদ্যালয় (Recognition of Assam Medical college) ৷
২০২২ বৰ্ষৰ আগষ্ট মাহত অসম চিকিৎসা মহাবিদ্যালয় পৰ্যবেক্ষণ কৰিবলৈ আহি ইণ্ডিয়ান মেডিকেল কাউন্সিল আৰু ৰাষ্ট্ৰীয় চিকিৎসা আয়োগৰ দলে নেদেখিলে পৰ্যাপ্ত পৰিমাণৰ সা-সুবিধা। ইফালে মহাবিদ্যালয় কৰ্তৃপক্ষই জনোৱা অনুসৰি সেই সময়ত অসম চিকিৎসা মহাবিদ্যালয়ত নাছিল উন্নত প্ৰযুক্তি, ভিন্ন যাৱতীয় পৰ্যাপ্ত পৰিমাণৰ সা-সুবিধা। সেই সময়ছোৱাত চিকিৎসা মহাবিদ্যালয়খনত CCTV camera, Aadhaar-linked biometric attendance procedures and faculty rolls আদিকে ধৰি জৰুৰীকালীন বিভাগ, ENT বিভাগৰ কিছু সুবিধা নিম্ন মানৰ আছিল ।
যাৰ বাবে ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ে হেৰুৱাব লাগিব ইণ্ডিয়ান মেডিকেল কাউন্সিলৰ স্বীকৃতি । অৱশ্যে মেডিকেল কাউন্সিলৰ নিৰ্দেশ অনুসৰি ২০২২ বৰ্ষৰ ডিচেম্বৰ মাহত সকলো অসুবিধা দূৰ কৰি মেডিকেল কাউন্সিলক অসম চিকিৎসা মহাবিদ্যালয়ে সকলো তথ্য প্ৰদান কৰিছে । ইয়াৰ পাচত মেডিকেল কাউন্সিলে অসম চিকিৎসা মহাবিদ্যালয়ক পৰিপূৰ্ণ চিকিৎসা মহাবিদ্যালয় হিচাপে ঘোষণা কৰিবনে নাই সেয়াহে হ’ব লক্ষণীয় ৷
লগতে পঢ়ক: Recognition of medical college:বৰপেটা মেডিকেল কলেজৰ স্বীকৃতি বাতিলক লৈ চাঞ্চল্য