ICC World Cup 2023 : দৰ্শকৰ আশাত চেঁচা পানী; বৰষুণৰ বাবে বিলম্ব ভাৰত–ইংলেণ্ডৰ ৱাৰ্ম আপ মেচত - ধাৰাসাৰ বৰষুণ

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Sep 30, 2023, 3:22 PM IST

গুৱাহাটী, 30 ছেপ্টেম্বৰ : ধাৰাসাৰ বৰষুণৰ বাবে বাধিত ভাৰত–ইংলেণ্ডৰ ৱাৰ্ম আপ মেচ ৷ শনিবাৰে গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত বিয়লি 2 বজাৰ পৰা অনুষ্ঠিত হোৱাৰ কথা আছিল ভাৰত–ইংলেণ্ডৰ বিশ্বকাপ ক্ৰিকেটৰ ৱাৰ্ম আপ মেচ ৷ কিন্তু বতৰৰ বিধি-পথালিৰ বাবে আৰম্ভ হোৱাত বিলম্ব হৈছে ভাৰত-ইংলেণ্ডৰ এই প্ৰস্তুতি মেচখন ৷ টছত জিকি প্ৰথমে বেটিঙৰ সিদ্ধান্ত লৈছে ভাৰতে ৷

ইতিমধ্যে খেল উপভোগ কৰাৰ বাবে অহা দৰ্শকেৰে ভৰি পৰিছে বৰ্ষাপাৰা ষ্টেডিয়াম ৷ খেল আৰম্ভ হোৱাৰ প্ৰায় ৩০ মিনিট পূৰ্বে মহানগৰীত ধাৰাসাৰ বৰষুণ ৷ ইতিমধ্যে ঢাকি দিয়া হৈছে খেলপথাৰ ৷  

শুকুৰবাৰে প্রথমখন ৱার্ম আপ মেচ বাংলাদেশ আৰু শ্ৰীলংকাৰ মাজত অনুষ্ঠিত হৈছিল ৷ প্ৰথমখন খেলৰ বাবে দৰ্শকৰ সঁহাৰি আশাব্যঞ্জক নাছিল যদিও, শনিবাৰে অনুষ্ঠিত হ'ব লগীয়া ৱার্ম আপ মেচখনৰ বাবে দর্শকৰ সঁহাৰি আশাব্যঞ্জক আছিল ৷ ইতিমধ্যে প্ৰায় ৩০ হাজাৰ টিকট ক্ৰয় কৰিছিল দৰ্শকে ৷ কিন্তু হঠাতে অহা বৰষুণে চেঁচা পানী ঢালিলে দৰ্শকৰ আশাত ৷ বৰ্তমানে বৰষুণ শেষ হোৱালৈ অপেক্ষা কৰা হৈছে যদিও এতিয়াও খেলখন অনুষ্ঠিত হোৱাৰ সন্দৰ্ভত নিশ্চিতভাৱে একো ক’ব পৰা হোৱা নাই ৷ 

লগতে পঢ়ক : ASIAN GAMES 2023: 72 বছৰৰ পাচত শ্বট পুটত পদক জয় কৰি দেশলৈ সন্মান কঢ়িয়ালে কিৰণ বালিয়ানে

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.