thumbnail

By

Published : Jul 22, 2022, 9:47 PM IST

Updated : Feb 3, 2023, 8:25 PM IST

ETV Bharat / Videos

Amrit Mahotsav preparations in Darrang: দৰং জিলাত স্বাধীনতাৰ অমৃত মহোৎসৱ উদযাপনৰ প্ৰস্তুতি

ভাৰতৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে সমগ্ৰ দেশজুৰি অনুষ্ঠিত হৈছে স্বাধীনতাৰ অমৃত মহোৎসৱ (Amrit Mahotsav) ৷ দৰং জিলাত স্বাধীনতাৰ অমৃত মহোৎসৱ উদযাপনৰ প্ৰস্তুতি জিলা প্ৰশাসনৰ ৷ চৰকাৰী নীতি নিৰ্দেশনা অনুসৰি জিলাখনত পূৰ্বতকৈ অধিক বাছকবনীয়াকৈ এইবাৰৰ স্বাধীনতা দিৱস উদযাপন কৰিবৰ বাবে শুকুৰবাৰে দৰং জিলা উপায়ুক্ত সভাগৃহত প্ৰশাসনৰ উদ্যোগত জিলাখনৰ বিভিন্ন বিভাগৰ বিষয়া, বিশিষ্ট নাগৰিক, দল সংগঠনৰ সৈতে এখন বৈঠক অনুস্থিত হয় (Independence Day Amrit Mahotsav preparations) । প্ৰধানমন্ত্ৰী নিৰ্দেশৰ পিছতেই জিলাখনত তিনিদিনীয়াকৈ এই দিৱস আয়োজন কৰা প্ৰসংগত আলোচনা কৰা হয় (Amrit Mahotsav preparations in Darrang) । বিশেষকৈ হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচীৰ অংশ হিচাপে জিলাখনৰ 2 লাখ গৃহত জাতীয় পতাকা উত্তোলনৰ বাবে আত্মসহায়ক গোটসমূহে পতাকা নিৰ্মাণ কৰিছে (75th Independent Day)৷ আনহাতে বিভিন্ন দেশপ্ৰেমমূলক প্ৰতিযোগিতাও অনুস্থিত কৰাৰ সিদ্ধান্তও গ্ৰহণ কৰে জিলা প্ৰশাসনে ৷ দৰং জিলা উপায়ুক্ত প্ৰণব কুমাৰ শৰ্মাই এই তিনিদিনীয়া অনুষ্ঠানত সকলোৰে সহায় সহযোগ কামনা কৰি পূৰ্বতকৈ দুগুণ উৎসাহেৰে স্বাধীনতা দিৱস পালন কৰাৰ কথা ঘোষণা কৰে ৷
Last Updated : Feb 3, 2023, 8:25 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.