thumbnail

By

Published : Aug 3, 2023, 7:22 PM IST

ETV Bharat / Videos

Dhemaji Flood Update : ধেমাজিত 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে পুনৰ বাগৰিছে কাংকু সুঁতিৰ বাঢ়নী পানী

ধেমাজি, 3 আগষ্ট : ধেমাজি জীয়াঢল চাৰিআলিৰ সমীপত 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে পুনৰ বাগৰিছে কাংকু সুঁতিৰ বাঢ়নী পানী ৷ ৰাষ্ট্ৰীয় ঘাইপথত জাল মাৰি মাছৰ সন্ধান মাছুৱৈৰ ৷  

তিনিটা দিন উৎকট গৰমে দহাৰ পাছত অৰুণাচল পাহাৰত মুষলধাৰ বৰষুণ হোৱাৰ পিছতে পুনৰ জীয়াঢলৰ কাংকু সুঁতিৰ বাঢ়ি অহা পানীয়ে বুৰাই পেলালে ধেমাজিৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথ ৷ জীয়াঢল চাৰিআলি আৰু ন-আলি ভজো গাঁৱৰ মাজৰ অংশ বুৰাই পেলাইছে বাঢ়নী পানীয়ে ৷

উল্লেখ্য যে, চলিত বছৰটোৰ বাৰিষা জীয়াঢলৰ কাংকু সুঁতিৰ বাঢ়নী পানীয়ে এতিয়ালৈকে 5-6 বাৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ জীয়াঢল চাৰিআলি আৰু ন-আলি ভজো গাৱঁৰ এই মাজৰ অংশ প্লাৱিত কৰি আহিছে ৷

লগতে পঢ়ক : Moran Erosion: মৰাণৰ ভগামূৰত বুঢ়ীদিহিঙে টোপনি কাঢ়িছে ৰাইজৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.