INCOME Tax raid : বঙাইগাঁৱত বিল্ডাৰৰ বাসগৃহত আয়কৰ বিভাগৰ দিনযোৰা অভিযান - INCOME Tax raid
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/14-09-2023/640-480-19514853-thumbnail-16x9-dumduma.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Sep 14, 2023, 10:40 PM IST
বঙাইগাঁও, ১৪ ছেপ্টেম্বৰ: বঙাইগাঁও চহৰৰ নতুনপাৰাত আয়কৰ বিভাগৰ দিনযোৰা অভিযান ৷ চহৰখনৰ আফুৰুদ্দিন আহমেদ নামৰ এজন বিল্ডাৰৰ বাসগৃহত বৃহস্পতিবাৰে দিনযোৰা অভিযান চলায় গুৱাহাটীৰ পৰা অহা আয়কৰ বিভাগৰ বিষয়াসহ এটা দলে ৷ নতুনপাৰাত থকা পাৰ্ক গ্ৰীন ৰেজেঞ্চি নামৰ এপাৰ্টমেন্টত বাস কৰে বিল্ডাৰজনে ৷ বিল্ডাৰজনে কৰা উপাৰ্জনতকৈ অত্যাধিক সম্পত্তি আৰহণ কৰা অভিযোগত অভিযান চলোৱা হৈছে বুলি জানিব পৰা গৈছে ৷
উল্লেখ্য যে, একাংশ বিল্ডাৰে চৰকাৰী নীতি নিয়ম উলংঘা কৰি বঙাইগাঁও আৰু চিৰাং জিলাৰ লগতে আন আন চহৰত অবৈধভাৱে এপাৰ্টমেন্ট তথা ফ্লেট নিৰ্মাণ কৰি বৃহৎ পৰিমাণৰ অবৈধ ধন আহৰণ কৰাৰ অভিযোগ উঠিছে ৷ এই অভিযোগৰ ভিত্তিত আয়কৰ বিভাগে আফুৰুদ্দিন আহমেদৰ বাসগৃহত অভিযান চলায় ৷ অৱশ্যে এই সন্দৰ্ভত আয়কৰ বিভাগৰ অভিযানকাৰী দলটোৱে কোনো ধৰণৰ মন্তব্য প্ৰকাশ কৰা নাই ৷
লগতে পঢ়ক: Heroin seized: হেৰ’ইনসহ দুই সৰবৰাহকাৰীক আটক