thumbnail

By ETV Bharat Assamese Team

Published : Sep 17, 2023, 4:08 PM IST

ETV Bharat / Videos

Inauguration of Namghar: বিহপুৰীয়াত আটক ধুনীয়াকৈ সাজি উলিওৱা নামঘৰ মুকলি

বিহপুৰীয়া, ১৭ ছেপ্টেম্বৰ: জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ অন্যতম সৃষ্টি তথা উপাসনাস্থলী হৈছে নামঘৰ । এই নামঘৰ ৰাজ্যৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তত আছে । আজি লখিমপুৰ জিলাৰ বিহপুৰীয়াৰ বানে গৰকা অঞ্চল ধুনাগুৰিৰ উৰীয়ামপাৰা গাঁৱত আটক ধুনীয়াকৈ সাজি উলিওৱা নামঘৰ মুকলি কৰা হয় ।

বিভিন্ন জাতি জনগোষ্ঠীৰ বসতি প্ৰধান বান বিধ্বস্ত গাঁৱখনত গাঁৱবাসীৰ প্ৰচেষ্টাত আটক ধুনীয়াকৈ নামঘৰটো পুনৰ নিৰ্মাণ কৰি উলিওৱা হৈছে । যি সময়ত সকলোৱে প্ৰথমে নিজৰ বাবে কিবা এটা কৰিব বিচাৰে বা নিজৰ ঘৰখন প্ৰথমে সুন্দৰ ৰূপ দিয়াৰ চেষ্টা কৰে তেনে সময়ত এইসকল লোকে নিজৰ গাঁঠিৰ ধন ভাঙি প্ৰথমে নামঘৰটোক আটকধুনীয়া ৰূপ দিছে । আজি নামঘৰটো ৰাইজৰ পদাৰ্পন আৰু বিভিন্ন ধৰ্মীয় কাৰ্যসূচীৰে ৰাইজৰ বাবে মুকলি কৰা হয় ।

লগতে পঢ়ক:Mutr Mati Mur Desh Program 2023: অমৃত বৃক্ষৰ পুলি ৰোৱাৰ পিচতেই এমাহলৈ ‘‘মোৰ মাটি মোৰ দেশ’’ কাৰ্যসূচী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.