প্ৰেমত বাধা দিবলৈ গৈ হাস্পতালত ভৰ্তি এজন
🎬 Watch Now: Feature Video
কাছাৰ, 23 ডিচেম্বৰ : প্ৰেমত মগন আছিল দুয়ো, কিন্তু সমাজৰ দৃষ্টি কোনোপধ্যেই এই প্ৰেম গ্ৰহণযোগ্য নাছিল ৷ প্ৰেম আছিল এগৰাকী বিধৱা আৰু এজন বিবাহিত পুৰুষৰ মাজত ৷ অবৈধ প্ৰেমৰ ঘটনাটো কাছাৰৰ বড়খলাৰ বদৰপুৰ-মাছিমপুৰ জিপিৰ ৷
প্ৰাপ্ত খবৰ অনুসৰি, বদৰপুৰ মাছিমপুৰ জিপিৰ এগৰাকী বিধৱা মহিলাৰ সৈতে দীৰ্ঘদিনৰে পৰা পৰকীয়া প্ৰেমত পৰিছিল স্থানীয় যুৱক বিবাহিত লীল আহমদ ৷ দুয়োৰে প্ৰেমৰ সম্পৰ্কৰ বিষয়ে গাঁৱখনত জনাজাত হৈ পৰাত জনৈক আমিনুল হক নামৰ এজন যুৱকে বাধা প্ৰদান কৰে ৷ গাঁৱখনৰ আন যুৱকসকলক লৈ বিধৱা মহিলাগৰাকীক সতৰ্ক কৰি দিয়ে আমিনুলে ৷ কিন্তু তাতেই খঙত অগ্নিশৰ্মা হৈ পৰে প্ৰেমিক লীল ৷
আমিনুলৰ সৈতে তীব্ৰ বাক-বিতণ্ডাত লিপ্ত হয় লীল ৷ তাৰ মাজতে সময় বুজি চোকা অস্ত্ৰৰে আমিনুলক আক্ৰমণ কৰে লীলে ৷ স্থানীয়লোকে লগে লগে স্থানীয় প্ৰাথমিক চিকিৎসালয়লৈ লৈ যায় যদিও কিন্তু অৱস্থা সংকটজনক হৈ পৰাত শিলচৰ মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হয় ৷ ইপিনে এই ঘটনাৰ প্ৰতিবাদত গাঁওবাসীয়ে একত্ৰিত হৈ বিধৱা মহিলাগৰাকীৰ বাসগৃহ ভাঙি দিয়ে ৷ বৰ্তমানে আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিছে ৷
লগতে পঢ়ক : প্ৰেম কৰিছিল দেওৰেক-বৌৱেকে, সিপুৰী পালেগৈ পিতা-পুত্ৰ