Illegal trade of low quality of steel bar:তিনিচুকীয়াত এইবাৰ চলিছে দুই নম্বৰী ৰডৰ অবৈধ কাৰবাৰ

By ETV Bharat Assamese Team

Published : Sep 12, 2023, 5:06 PM IST

thumbnail

তিনিচুকীয়া, ১২ ছেপ্টেম্বৰ : আপুনি যদিহে এটা পকী ঘৰ নিৰ্মাণ কৰিম বুলি ভাবিছে তেন্তে সাৱধান হওক ! তিনিচুকীয়া জিলাখনত এইবাৰ চলিছে দুই নম্বৰী ৰডৰ অবৈধ কাৰবাৰ । অবৈধ ব্যৱসায়ীৰ বিৰুদ্ধে প্ৰশাসনক ব্যৱস্থা গ্ৰহণ কৰাৰ আহ্বান, অন্যথা নিজাববীয়াকৈ ব্যৱস্থা লোৱাৰ হুংকাৰ ডুমডুমা আঞ্চলিক ছাত্ৰ সন্থাৰ ।

তিনিচুকীয়া সদৰত থকা ৰড নিৰ্মাণ কৰা এটা ফেক্টৰীৰ পৰা তিনিচুকীয়া জিলাখনৰ লগতে অৰুণাচল প্ৰদেশৰ লৈকে বিয়পি পৰিছে দুই নম্বৰী ৰডৰ অবৈধ কাৰবাৰ । কলকাতাৰ প্ৰতিষ্ঠিত "দুৰ্গাপুৰ" নামৰ ৰড নিৰ্মাতা কোম্পানীৰ নাম ব্যৱহাৰ কৰি তিনিচুকীয়াৰ এটা ৰড নিৰ্মাণ কৰা কোম্পানীয়ে অতি নিম্নমানৰ ৰড প্ৰস্তুত কৰি বজাৰত বিক্ৰী কৰি আহিছে ।

এনেদৰে প্ৰতিষ্ঠিত কোম্পানী এটাৰ নাম লৈ নিম্ন মানদণ্ডৰ ৰড অধিক দামত বিক্ৰী কৰি কোটি-কোটি টকা মুনাফা আদায় কৰি আহিছে । ফলশ্ৰুতিত সাধাৰণ ৰাইজে বহু কষ্টৰে উপাৰ্জন কৰা ধনেৰে নিৰ্মাণ কৰিবলৈ লোৱা সপোনৰ ঘৰখন বিপদসংকুল হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে ।

সাধাৰণ ৰাইজৰ জীৱনৰ সৈতে খেলা কৰা তিনিচুকীয়াৰ বিশেষ ৰড নিৰ্মাতা কোম্পানীটোৰ বিৰুদ্ধে প্ৰশাসনক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ ডুমডুমা আঞ্চলিক ছাত্ৰ সন্থাই দাবী জনাইছে । অন্যথা, এনে অবৈধ ব্যৱসায় চলোৱা ব্যৱসায়ীৰ বিৰুদ্ধে ডুমডুমা আঞ্চলিক ছাত্ৰ সন্থাই নিজাববীয়াকৈ ব্যৱস্থা গ্ৰহণ কৰাৰ হুংকাৰ প্ৰদান কৰিছে ।

লগতে পঢ়ক : Tea workers protest:সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ উদ্যোগত বিশাল গণ গৰ্জন কাৰ্যসূচী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.