Illegal Timber Sized: অবৈধভাৱে কাঠ সৰবৰাহ কৰা বাহন জব্দ - কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান
🎬 Watch Now: Feature Video


Published : Oct 5, 2023, 1:21 PM IST
কলিয়াবৰ, 5 অক্টোবৰ : নগাঁও জিলাৰ কলিয়াবৰত বৃহৎ পৰিমাণৰ অবৈধভাৱে সৰবৰাহ কৰা কাঠ জব্দ ৷ জখলাবন্ধা আৰু শিলঘাট বন বিভাগে জব্দ কৰে কাঠখিনি।কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দক্ষিণ দিশে থকা কাৰ্বি পাহাৰৰ পৰা বুধবাৰে নিশা কাঠৰ ফান্টাসমুহ দুই চোৰাং কাঠ ব্যৱসায়ীয়ে চোৰাংভাৱে সৰবৰাহ কৰাৰ সময়তে বন বিভাগৰ এটা দলে এক গোপন সূত্ৰৰ পম খেদি কাঠখিনি জব্দ কৰিবলৈ সক্ষম হয় ৷
কুঠৰীৰ মজিবুৰ আৰু কাদিৰ নামৰ দুই বন মাফিয়াই এই চোৰাং কাঠ সৰবৰাহ কৰাৰ তথ্য লাভ কৰিছে বন বিভাগে। বন বিভাগে কেইবাখনো বাহনৰ জৰিয়তে জব্দ কৰা ফান্টাসমূহ শিলঘাট খণ্ড বন কাৰ্যালয়লৈ লৈ যায়।
উল্লেখ্য যে, বন বিভাগৰ চকুত ধূলি দি বিভিন্ন সময়ত এইদৰে একাংশ কাঠ ব্যৱসায়ীয়ে চোৰাংভাৱে কাঠৰ সৰবৰাহ অব্যাহত ৰাখিছে ৷
লগতে পঢ়ক: Drugs seized in Assam:অমৰপুৰত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ তিনি সৰবৰাহকাৰী গ্ৰেপ্তাৰ