Timber Seized in Namrup: নামৰূপৰ দিল্লী চাহ বাগিছাত চোৰাং হোলোং কাঠ জব্দ

By

Published : May 8, 2023, 10:37 PM IST

thumbnail

ডিব্ৰুগড়, 8 মে’: নামৰূপত লক্ষাধিক টকাৰ চোৰাং হোলোং কাঠ জব্দ ৷ নামৰূপ খণ্ড বন কাৰ্যালয়ৰ অধীনস্থ দিল্লী চাহ বাগিছাত জব্দ কৰা হৈছে এই চোৰাং হোলোং কাঠ সমূহ (Illegal Timber Seized in Namrup) ৷  

গোপন সূত্ৰৰ পৰা পোৱা তথ্যৰ ভিত্তিত নামৰূপ খণ্ড বন বিষয়া বাস্তৱ বৰকটকীৰ নেতৃত্বত যোৱা বনকৰ্মীৰ এটা দলে আজি জব্দ কৰে এই চোৰাং কাঠখিনি ৷ দিল্লী চাহ বাগিছাৰ ৰাজেশ ঠাকুৰ নামৰ এজন ব্যক্তিয়ে নিজৰ ঘৰত মজুত কৰি ৰাখিছিল এই চোৰাং কাঠখিনি ৷ জব্দকৃত চোৰাং হোলোং কাঠখিনিৰ মূল্য প্ৰায় লক্ষাধিক টকা হ’ব বুলি জানিব পৰা গৈছে (Timber Seized in Namrup) ৷

দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ পৰা এই কাঠ অনা হৈছে বুলি প্ৰাথমিক পৰ্যায়ত সন্দেহ কৰা হৈছে ৷ ইতিমধ্যে বন বিভাগে ৰাজেশ ঠাকুৰক আটক কৰি এক গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে (Illegal Timber Seized) ৷

লগতে পঢ়ক: Overlapping in ADR: কলগাছিয়াত চৰকাৰী নিযুক্তিত অভাৰ লেপিঙৰ অভিযোগত প্ৰতিবাদ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.