thumbnail

By

Published : Jul 8, 2022, 6:57 PM IST

Updated : Feb 3, 2023, 8:24 PM IST

ETV Bharat / Videos

Wood smuggling in Assam: কল কঢ়িওৱা বাহনত ওলাল চেগুন কাঠ..!

ৰাজ্যত অব্যাহত আছে কাঠৰ চোৰাং বেহা (Wood smuggling in Assam)। অৱশ্যে তাৰ মাজতে বন বিভাগ আৰু আৰক্ষীৰ অভিযানত বিভিন্ন স্থানত জব্দ হৈছে চোৰাং কাঠ । এইবাৰ চিৰাং জিলাত চলিল বন বিভাগৰ অভিযান । ৩১ নং চি ৰাষ্ট্ৰীয় ঘাইপথত চলা অভিযানত প্ৰায় ১৫ লাখ টকাৰ চোৰাং কাঠ জব্দ কৰে বন বিভাগে (Illegal timber seized in Chirang)। কল কঢ়িয়াই অনা ট্ৰাকত অতি কৌশলেৰে কাঠসমূহ সৰবৰাহৰ চেষ্টা কৰিছিল দুষ্টচক্ৰই (Illegal timber seized from banana loaded truck)। গোপন সূত্ৰৰ খবৰৰ ভিত্তিত বন বিভাগে অভিযান চলায় মূল্যবান চেগুন কাঠখিনি জব্দ কৰিবলৈ সক্ষম হয় । লগতে MH-18-BG-8561 নম্বৰৰ ট্ৰাকখনো জব্দ কৰে । উদ্ধাৰ হোৱা চালান অনুসৰি গোৱালপাৰা জিলাৰ ধুপধৰা আন্তৰ্জাতিক কলৰ বজাৰ দৰংগিৰীৰ পৰা চেনি চম্পা কল লৈ কলকাতা অভিমুখে গৈ আছিল ট্ৰাকখন । জব্দ চোৰাং কাঠসহ বাহনখন চিৰাং বন বিভাগে ৰুনিখাতা বনাঞ্চলিক কাৰ্যালয়ত ৰাখিছে । অৱশ্যে ট্ৰাকখনৰ চালকজন পলাই যাবলৈ সক্ষম হয় ।
Last Updated : Feb 3, 2023, 8:24 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.