Illegal Timber Seized at Kaliabor: কলিয়াবৰত দুৰ্ঘটনাত পতিত চোৰাং কাঠ ভৰ্তি বাহন

By

Published : Jul 7, 2023, 11:07 PM IST

thumbnail

কলিয়াবৰ,7 জুলাই: ৰাজ্যত আব্যাহত আছে কাঠৰ অবৈধ সৰবৰাহ ৷  কলিয়াবৰৰ আমবাগানত দুৰ্ঘটনা পতিত চোৰাং কাঠ ভৰ্তি এখন বাহন ৷ জানিব পৰা মতে আমবাগানৰ তিনিমুনিত লাওখোৱা বন্যপ্ৰাণী বিভাগৰ লোকে পথৰ কাষত দুৰ্ঘটনাত পতিত হোৱা বাহনখন প্ৰত্যক্ষ কৰে ৷ পৰৰ্ৱতী সময়ত শিলঘাট খণ্ড বন বিষয়াক খবৰ দিয়াত শিলঘাট বন বিষয়া আৰু জখলাবন্ধা খণ্ড বন বিষয়া দুৰ্ঘটনাস্থলীত উপস্থিত হৈ বাহনখন উদ্ধাৰ কৰে। 

বাহনখনত মূল্যবান মাকৈশালৰ কাঠৰ লগতে অনান্য কাঠ উদ্ধাৰ হয় ৷ কাঠখিনিৰ বজাৰ মূল্য আনুমানিক লক্ষাধিক টকাৰ হ’ব বুলি জানিবলৈ দিয়ে বন বিভাগৰ লোকে । বন বিভাগে গাড়ীখন জব্দ কৰি তদন্ত আৰম্ভ কৰিছে । জব্দকৃত বাহন খনৰ নম্বৰ এ ছ ০১ পি চি ৯৩৭৮ ।

‘‘ৰাতি শব্দ শুনা পাইছিলো ৷ কিন্তু কাঠ ভৰ্তি বাহন বুলি গ’ম পোৱা নাছিলো ৷ প্ৰতিদনে চোৰাংকৈ কাঠ সৰবৰাহ হৈয়ে থাকে ’’ স্থানীয় লোকৰ ভাষ্য ৷

লগতে পঢ়ক:Man Elephant Conflict in Nagaon: বনৰীয়া হাতীৰ তাণ্ডৱ; আক্ৰমণত নিহত মাতৃ-পুত্ৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.