Illegal Shaw Mill: চোৰাং কাঠফলা মিলৰ যন্ত্ৰাংশ জব্দ - Illegal Shaw Mill seized at Kaliabor
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-16039020-thumbnail-3x2-ulfa.jpg)
ৰাজ্যজুৰি কাঠফুলাৰ দৰে গঢ়ি উঠিছে অবৈধ কাঠ মিল ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তত এনেদৰে গঢ়ি উঠা অবৈধ কাঠফলা মিলবোৰৰ বিৰুদ্ধে এতিয়া সষ্টম হৈ পৰিছে বন বিভাগ (Illegal Shaw Mill in Assam)৷ দেওবাৰে কলিয়াবৰত শিলঘাট খণ্ড বন বিষয়াৰ নেতৃত্বত শিলঘাট আৰু জখলাবন্ধাৰ বনকৰ্মীৰ এটি দলে অবৈধ কাঠ মিলৰ বিৰুদ্ধে অভিযান চলায় (Illegal Shaw Mill seized at Kaliabor)৷ এই অভিযানত এটা কাঠফলা মিলৰ যন্ত্ৰাংশ জব্দ কৰে বন বিভাগে ৷ মিলটোৰ যন্ত্ৰাংশসমূহ জব্দ কৰি এতিয়া শিলঘাট খণ্ড বন বিষয়াৰ কাৰ্যলায়ত মজুত কৰি ৰখা হৈছে ৷ এই ঘটনা সন্দৰ্ভত শিলঘাট খণ্ড বন বিভাগে এক গোচৰ ৰুজু কৰিছে ৷ উল্লেখ্য যে কলিয়াবৰৰ কাৰ্বি-আংলং সীমান্তৱৰ্তী অঞ্চলত অবাধ বন ধ্বংসযজ্ঞ চলাই একাংশ চোৰাং কাঠ ব্যৱসায়ীয়ে মূল্যবান কাঠৰ কুণ্ডা সৰবৰাহ কৰি আছে অবৈধ কাঠফলা মিলবোৰলৈ ৷
Last Updated : Feb 3, 2023, 8:26 PM IST