thumbnail

By

Published : May 9, 2023, 10:14 PM IST

ETV Bharat / Videos

Illegal saw mill Seized: কলগাছিয়াত কাঠফলা মিল উৎখাতৰ নামত ভেকোঁভাওনাৰ অভিযোগ

জনীয়া, 9 মে’: বৃহত্তৰ কলগাছিয়া অঞ্চলত দিনে-নিশাই অবাধে চলি আহিছে অবৈধ কাঠফলা মিল ৷ প্ৰকৃতিপ্ৰেমী ৰাইজৰ অভিযোগৰ ভিত্তিত কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত শওপুৰ গাঁৱৰ পৰা বনবিভাগে এটা অবৈধ কাঠফলা মিল উচ্ছেদ কৰিবলৈ যায় যদিও চোৰাং বেপাৰীলৈ দৰদ দেখুৱাই কাঠ ফলা মিলৰ নাম মাত্ৰ এটা অংশ জব্দ কৰি অভিযানৰ নামত ভেকোঁভাওনা কৰাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে (Illegal saw mill Seized in Kalgachia) ৷  

কাঠফলা মিল উচ্ছেদ নকৰাকৈ নামমাত্ৰ সামগ্ৰী জব্দ কৰি উভতি যোৱাত ৰাইজৰ মাজত এতিয়া সন্দেহৰ সৃষ্টি হৈছে ৷ এই কাঠৰ মিল কলগাছিয়া থানাৰ অন্তৰ্গত ৰামপুৰ গাঁৱৰ অবৈধ কাঠ আৰু কয়লা মাফিয়া জংশেৰ আলীৰ বুলি জানিব দিয়ে বন বিষয়া প্ৰশান্ত গগৈয়ে ৷ এই অভিযানত এটা কাঠফলা মিলৰ নামমাত্ৰ এটা অংশ লৈ বাকী সামগ্ৰী ৰহস্যজনকভাৱে থৈ যোৱাৰ অভিযোগ বন বিভাগৰ বিৰুদ্ধে (Illegal saw mill Seized) ৷  

অঞ্চলটোৰ বালিকুৰি, বামুনটাৰি, দিগজানি, জনতা, জাবৰিমাৰি, খেল্লি, ৰামপুৰ, বাংকাভঙাত দীৰ্ঘদিনৰে পৰা অবৈধভাবে কাঠফলা মিল চলি আহিছে যদিও বন বিভাগে ইয়াক বন্ধ কৰিব পৰা নাই ৷ ৰাইজৰ অভিযোগৰ ভিত্তিত শীঘ্ৰেই এই মিল সমূহ জব্দ কৰাৰ আশ্বাস দিয়ে বন বিষয়া গৰাকীয়ে ৷ 

লগতে পঢ়ক: MGNREGA scheme: নিশাৰ ভিতৰতে ম্যাদী পট্টাৰ মাটিত নিৰ্মাণ কৰিলে এনৰেগাৰ পথ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.