Illegal sand mining: বুঢ়াচাপৰি অভয়াৰণ্যত অবৈধ খনন - Illegal sand mining
🎬 Watch Now: Feature Video
চামগুৰি, ৩ এপ্ৰিল: বুঢ়াচাপৰিত উচ্ছেদৰ পিছতেই চলিছে ধ্বংসযজ্ঞ (Eviction in Burhachapri)। শোণিতপুৰ জিলাৰ বুঢ়াচাপৰিত বালি মাফিয়াৰ দপদপনি (Sand Mafia in Sonitpur) । অভয়াৰণ্যৰ ভূমিত অবাধে চলাইছে বালি খনন । ব্ৰহ্মপুত্ৰৰ নিচেই কাষত অবৈধভাৱে বালিমাটি বিক্ৰী কৰাৰ অভিযোগ উত্থাপিত হৈছে । অভিযোগ অনুসৰি বিনোদ ছেত্ৰী নামৰ লোকজনে দীৰ্ঘদিনৰ পৰা অভয়াৰণ্যখনৰ ভূমিত অবাধে চলাইছে খনন কাৰ্য (Excavation in Burhachapari) ।
বুঢ়াচাপৰিৰ অভয়াৰণ্যৰ ভূমিত চলোৱা অবৈধ মাটি বিক্ৰীত হাত উজান দিছে বুঢ়াচাপৰিৰ বন সংমণ্ডলৰ বন বিষয়া সুনাম কুমাৰ গুপ্তাই (Illegal sand mining in Burhachapri Sanctuary)। বুঢ়াচাপৰি বন সংমণ্ডলৰ কাৰ্যালয়ৰ নিচেই কাষত বন ধ্বংসযজ্ঞ চলি থকাৰ পিচতো চকু মুদা কুলিৰ ভাও ধৰাৰ অভিযোগ বন বিষয়া সুনাম কুমাৰ গুপ্তাৰ বিৰুদ্ধে । শোণিতপুৰৰ স্থানীয় বিধায়ক পৃথ্বীৰাজ ৰাভাৰ আৰ্শীবাদত বিনোদ ছেত্ৰীয়ে মাফিয়াৰাজ চলোৱাৰ গুৰুত্বৰ অভিযোগ উত্থাপিত কৰিছে স্থানীয় ৰাইজে ।
ধনীয়াভেটিত শোণিতপুৰ জিলাৰ বিষয়াসকলৰ যাতায়তৰ সুচল পথ নথকা বাবে বিনোদ ছেত্ৰী নামৰ লোকজনে চলাই গৈছে ব্যাপক অৰাজগতা । ব্য়াঘ্ৰ সংৰক্ষিত বুঢ়াচাপৰি অভয়াৰণ্যত কাৰ ছত্ৰছাঁয়াত অবৈধ খনন কাৰ্য চলিছে তাক লৈ চৰ্চা হৈছে । ইপিনে, মাটি কঢ়িওৱা ডাম্পাৰে ধনীয়াভেটি গাঁও বানপানী পৰা ৰক্ষণাবেক্ষণ দিয়া মথাউৰীৰলৈ কঢ়িয়াই আনিছে বিপদৰ সংকেত ।
লগতে পঢ়ক:AJYCP protest: মূল্য়বৃদ্ধিৰ বিৰুদ্ধে তিনিচুকীয়াত AJYCPৰ প্ৰতিবাদ