Kerosene godown seized: হাতীগাঁৱত সুলভ মূল্যৰ কেৰাচিনৰ অবৈধ গুদাম জব্দ - Kerosene godown seized

🎬 Watch Now: Feature Video

thumbnail

By

Published : Mar 21, 2023, 6:02 PM IST

গুৱাহাটী, ২১ মাৰ্চ: মহানগৰীৰ হাতীগাঁৱত জব্দ কৰা হয় সুলভ মূল্যৰ কেৰাচিনৰ অবৈধ গুদাম (Illegal kerosene godown seized in Hatigaon) । হাতীগাঁও সিজুৱাৰীৰ পাকিজা পথত হাতীগাঁও আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে অবৈধ নীলা কেৰাচিনখিনি । আৰক্ষীৰ প্ৰাথমিক অনুসন্ধান মতে বিহাৰী নামৰ এজন লোকে আন এজন ব্যক্তিৰ ভাৰাঘৰত চলাই আহিছিল এই অবৈধ বেহা । জানিব পৰামতে হাতীগাঁও আৰক্ষীয়ে এক গোপন সূত্ৰৰ ভিত্তিত চলোৱা এই অভিযানত জব্দ কৰা হৈছে প্ৰায় ৫০০ লিটাৰৰো অধিক কেৰোচিন আৰু ডিজেল (500 liters of illegal kerosene and diesel seized) ।  

ইতিমধ্যে ড্ৰামে ড্ৰামে তেল জব্দ কৰি আৰক্ষীয়ে সন্ধান অব্যাহত ৰাখিছে গুদামটো থকা ভূমিৰ গৰাকীক (Kerosene godown seized) । উল্লেখযোগ্য যে, কিছুদিন পূৰ্বেও খিজুবাৰীৰ পাকিজা পথৰ পৰা তীৰ খেলৰ লগত জড়িত থকা কেইবাজনো লোকক গ্ৰেপ্তাৰ কৰাৰ লগতে প্ৰতিদিনে দ্ৰাগছ, গাঞ্জা সৰবৰাহ কাৰ্যৰ লগত জড়িত থকা বিভিন্ন লোকক গ্ৰেপ্তাৰ কৰিছিল হাতীগাঁও আৰক্ষীয়ে । সেয়েহে মহানগৰীৰ হাতীগাঁও তথা খিজুবাৰী অপৰাধৰ অন্য এটা মূল স্থান হিচাপে পৰিগণিত হৈছে । 

লগতে পঢ়ক: Ban on Powerloom gamochas : পাৱাৰলুমৰ গামোচাৰ বিৰুদ্ধে বাইহাটা চাৰিআলিত অভিযান

For All Latest Updates

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.