Illegal Burmese Supari seized: শিলভৰ্তি ডাম্পাৰত বুজন পৰিমাণৰ বাৰ্মিজ চুপাৰি জব্দ - চুঙাজান আৰক্ষী
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/26-09-2023/640-480-19613385-thumbnail-16x9-guwahati.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Sep 26, 2023, 6:48 PM IST
সৰুপথাৰ, 26 ছেপ্টেম্বৰ : ৰাজ্যজুৰি অব্যাহত আছে বাৰ্মিজ চুপাৰিৰ চোৰাং বেহা ৷ এইবাৰ শিলৰ তলত ওলাল বাৰ্মিজ চুপাৰি ৷ গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ অসম নাগালেণ্ড সীমান্তৰ চুঙাজানত পুনৰ জব্দ কৰা হৈছে চোৰাংভাৱে সৰবৰাহ কৰা বাৰ্মিজ চুপাৰি ৷
চুঙাজান থানাৰ ভাৰপাপ্ত আৰক্ষী বিষয়া নুৰ জাহাংগীৰ আহমেদৰ নেতৃত্বত এটা আৰক্ষী দলে এক গোপন খবৰৰ ভিত্তিত AS 04 BC 6630 নম্বৰৰ এখন ডাম্পাৰত শিলৰ তলত চুপাৰখিনি লুকুৱাই সৰবৰাহ কৰিবলৈ লওঁতেই চুঙাজানৰ হলৌগুৰিত বাহনখন জব্দ কৰে ৷ ডাম্পাৰখনে শিলৰ সৈতে প্ৰায় 7000 কেজি চুপাৰি লুকুৱাই আনিছিল ৷
ইতিমধ্যে ডাম্পাৰখনৰ সৈতে চালক ৰুহুল ইচলামক আৰক্ষীয়ে আটক কৰিছে ৷ ধৃত চালকজনৰ ঘৰ হোজাইৰ 1 নং পিপলপুখুৰীত বুলি জানিব পৰা গৈছে ৷ অধিক তথ্যৰ বাবে চুঙাজান আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷
লগতে পঢ়ক: Robbery in Nagaon: গৃহস্থক অচেতন কৰি প্ৰায় 17 লাখ টকাৰ আ-অলংকাৰ লুট-পাত