Illegal Aadhaar centre busted: ৰাণীপুখুৰীত অবৈধ আধাৰ কাৰ্ড কেন্দ্ৰ উৎখাত - Illegal Aadhaar centre busted

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jun 5, 2023, 5:39 PM IST

হোজাই, 5 জুন: হোজাইৰ লংকা ৰাণীপুখুৰীত অবৈধ আধাৰ কাৰ্ড কেন্দ্ৰ উৎখাত  ৷ লংকাৰ ৰাণীপুখুৰী অঞ্চলত আধাৰ কাৰ্ড নিৰ্মাণৰ নামত ধন সংগ্ৰহৰ অভিযোগ ৷ আধাৰ কাৰ্ড বনোৱাৰ নামত ৫০০ পৰা ১০০০ টকাকৈ ধন সংগ্ৰহৰ অভিযোগ (Illegal Aadhaar centre busted at Rani Pukhuri) ৷

লংকা ৰাণীপুখুৰীৰ চাহাব উদ্দীন নামৰ এটা দালালে চলাইছিল এই ৰমৰমীয়া ব্যৱসায় ৷ চাহাব উদ্দীন নামৰ দালালটোৱে কোনো ধৰণৰ অনুজ্ঞাপত্ৰ নোহোৱাকৈ অবৈধ ভাবে চলাই গৈছিল এই ৰমৰমীয়া ব্যৱসায় ৷ লংকা আৰক্ষীয়ে অভিযান চলাই উৎখাত কৰে এই অবৈধ আধাৰ কাৰ্ড কেন্দ্ৰ ৷ লগতে লংকা আৰক্ষীয়ে জব্দ কৰে এই অবৈধ আধাৰ কাৰ্ড কেন্দ্ৰত ব্যৱহৃত কম্পিউটাৰ আৰু অনান্য যান্ত্ৰিক সামগ্ৰী (Illegal Aadhaar centre busted) ৷

উল্লেখযোগ্য যে চাহাব উদ্দীন নামৰ দালালটোৱে কলিকতাৰ পৰা হায়াৰ কৰি আনিছিল অপাৰেটৰ । বৰ্তমান পলাতক অৱস্থাত আছে অবৈধ আধাৰ কাৰ্ড কেন্দ্ৰৰ দালাল চাহাব উদ্দীন তথা কলিকতাৰ পৰা হায়াৰ কৰি অনা অপাৰেটৰ ৷ বৰ্তমান লংকা আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে (Illegal Aadhaar centre busted in Hojai) ৷

লগতে পঢ়ক: Crime in Nalbari: পশ্চিম নলবাৰী চক্ৰ বিষয়াৰ কাৰ্যালয়ত চুৰিকাণ্ডৰ ঘটনা

For All Latest Updates

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.