15 মাৰ্চৰ পৰা দিল্লীত আৰম্ভ হ’ব IBA women world boxing championship - মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপ

🎬 Watch Now: Feature Video

thumbnail

By

Published : Mar 4, 2023, 11:01 PM IST

গুৱাহাটী, ৪ মাৰ্চ: 15 মাৰ্চৰ পৰা দিল্লীত আৰম্ভ হ’ব IBA women world boxing championship ৷ বক্সিং ফেডাৰেচন অৱ ইণ্ডিয়াৰ উদ্যোগত 2023 বৰ্ষৰ IBA women world boxing championship অনুষ্ঠিত কৰা হৈছে ।

অহা 15 মাৰ্চৰ পৰা 26 মাৰ্চলৈ দিল্লীত অনুষ্ঠিত হ'ব এই প্ৰতিযোগিতাখনি । 78 খনকৈ দেশে এতিয়ালৈকে এই প্ৰতিযোগিতাখনৰ বাবে নিজৰ নাম পঞ্জীয়ন কৰিছে । সৰ্বমুঠ 395 জন বক্সাৰে অংশগ্ৰহণ কৰিব এই প্ৰতিযোগিতাত (IBA women world boxing championship) ।

মহানগৰীৰ ৰাজধানী মছজিদস্থিত হোটেল ৰীভেৰাত আজি এক সংবাদমেল সম্বোধন কৰি এই কথা জানিবলৈ দিয়ে ফেডাৰচনৰ সম্পাদক হেমন্ত কলিতাই । লগতে কয় যে, এই বক্সিং ইভেণ্টতখনত ফ্ৰান্স, গ্ৰীচ, ইটালী, ফিলিপাইন, ৰাছিয়া, ছৌদি আৰৱৰ দৰে দেশেও অংশগ্ৰহণ কৰিব ।

লাভলীনা বৰগোহাঁইয়ে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ বিপৰীতে অকুশিতা বড়োৱে এই প্ৰতিযোগিতাৰ অংশ ল’ব নোৱাৰিব । বৰ্তমান ভাৰতীয় দলটো ভাল ফৰ্মত আছে । লগতে বহু ভাল ফৰ্মত আছে লাভলিনা ৷ ইতিমধ্যেই লাভলিনাই Weight Change কৰিছে । 12 জন ভাৰতীয় বক্সাৰে অংশগ্ৰহণ কৰিব এই ইভেণ্টত । 3 টা সোণৰ প্ৰদক লগতে মুঠ 5 টা মেডেল আশা কৰিছে বক্সিং ফেডাৰেচন অৱ ইণ্ডিয়াই‌ । 

লগতে পঢ়ক : Health-related discussions: ধেমাজি জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানত স্বাস্থ্য সম্পৰ্কীয় আলোচনা

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.