Illegal Burmese Supari seized: খটখটীত বুজন পৰিমাণৰ বাৰ্মিজ চুপাৰি জব্দ - Illegal Burmese Supari seized
🎬 Watch Now: Feature Video
Published : Oct 17, 2023, 10:07 PM IST
ডিফু,১৭ অক্টোবৰ: অসম-নাগালেণ্ড সীমান্তৰে বিভিন্ন কৌশলেৰে নিতৌ বুজন পৰিমাণৰ নিষিদ্ধ সামগ্ৰীৰ অবৈধ সৰবৰাহৰ প্ৰচেষ্টা অব্যাহত থকাৰ সময়তে মঙলবাৰে সীমান্তৱৰ্তী খটখটী আৰক্ষীৰ নিয়মীয়া তালাচীৰ সময়ত প্ৰায় ২০ কুইন্টল বাৰ্মিজ চুপাৰি জব্দ কৰাৰ তথ্য প্ৰকাশ কৰে আৰক্ষীয়ে ।
প্ৰাপ্ত তথ্য অনুসৰি, মঙলবাৰে পুৱা খটখটী আৰক্ষীৰ নিয়মীয়া তালাচীৰ সময়তে ডিমাপুৰৰ পৰা তেজপুৰ অভিমুখে আহি থকা AS-28-AC-1642 নম্বৰৰ ট্ৰাকখনত তালাচী চলাই ৪০ টা বস্তাত মুঠ ১৯৬০ কিঃগ্ৰাঃ বাৰ্মিজ চুপাৰি জব্দ কৰিবলৈ সক্ষম হয় । জব্দ হোৱা বাৰ্মিজ চুপাৰিখিনিৰ বজাৰ মূল্য কমেও ১২ লাখ টকা বুলি অনুমান কৰা হৈছে । ট্ৰাকখনত গোপন চেম্বাৰ সাজি কৌশলেৰে চুপাৰিখিনি সৰবৰাহৰ চেষ্টা কৰা হৈছিল । এই সন্দৰ্ভত আৰক্ষীয়ে ট্ৰাকখনৰ চালক ইউছুফ আলিক আটক কৰি তদন্ত অব্যাহত ৰাখিছে ।
লগতে পঢ়ক: BJP Joining Program: ধৰ্ম পদুমৰ প্ৰেমত পৰিল