Burmese supari seized : ধুবুৰীত বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰি জব্দ - আৰক্ষীৰ কঠোৰ অভিযান

🎬 Watch Now: Feature Video

thumbnail

By

Published : Aug 7, 2023, 10:58 PM IST

ধুবুৰী, 7 আগষ্ট : ৰাজ্যত আৰক্ষীৰ কঠোৰ অভিযানকো কেৰেপ নকৰি একাংশই চলাই আছে বাৰ্মিজ চুপাৰি চিণ্ডিকেটৰ ৰমৰমীয়া বেহা ৷ সোমবাৰে ধুবুৰীত বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰি ভৰ্তি এখন বলেৰ’ পিকআপ ভান জব্দ কৰে ৷ 

ধুবুৰী চহৰৰ পাৰ্শ্বৱৰ্তী নিউ ঘাটৰ পৰা আৰক্ষীয়ে এখন বাৰ্মিজ চুপাৰিৰ বস্তা ভৰ্তি বলেৰ’ পিকআপ ভান জব্দ কৰা বুলি জানিব পৰা গৈছে। ধুবুৰী আৰক্ষীৰ অভিযানত এএছ- 17 চি /5914 নম্বৰৰ মালবাহী বাহনখন জব্দ কৰি তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে। 

জানিব পৰা মতে, প্ৰতিদিনেই দক্ষিণ শালমাৰা- মানকাচৰ জিলাৰ বিভিন্ন অঞ্চলৰ লগতে প্ৰতিবেশী ৰাজ্য মেঘালয়ৰ পৰা নৈৰে কুইণ্টল কুইণ্টল বাৰ্মিজ চুপাৰি ধুবুৰীৰ পাৰঘাটলৈ সৰবৰাহ কৰি আহিছে ৷ পৰৱৰ্তী সময়ত সেই চুপাৰিসমূহ পাৰঘাটৰ পৰা বলেৰ’ পিকআপ ভানেৰে অসমৰ বিভিন্ন প্ৰান্তৰ লগতে পশ্চিমবংগলৈ সৰবৰাহ কৰা হয় ৷

ইপিনে বাহনখনত থকা বাৰ্মিজ চুপাৰিখিনি বৈধ নে অবৈধভাৱে সৰবৰাহ কৰা হৈছে সেয়া এই মূহুৰ্তলৈ জানিব পৰা হোৱা নাই। অৱশ্যে এই কাৰ্যৰ সৈতে জড়িত থকা বুলি দাবী কৰা আলতাফ নামৰ লোক এজনে 27 কুইণ্টল চুপাৰি থকাৰ কথা সদৰী কৰাৰ লগতে চুপাৰিখনিৰ বাবদ 10 শতাংশ GST দিয়া হৈছে বুলি দাবী কৰে। কিন্তু লোকজনে দিয়া জি এছ টি চালানত মাত্ৰ 7 কুইণ্টল চুপাৰি আৰু ইয়াৰ বিপৰীতে 5 শতাংশ GST দিয়া বুলি স্পষ্টকৈ উল্লেখ আছে। সেয়ে চুপাৰিৰ পৰিমাণ আৰু GST চালানৰ মাজত বহু পাৰ্থক্য থকাটোৱে গভীৰ ৰহস্যৰ সৃষ্টি কৰিছে।

লগতে পঢ়ক: Theft incident: অৱসৰপ্ৰাপ্ত শিক্ষকৰ পৰা ২ লাখ ৬০ হাজাৰ টকা চুৰি দুৰ্বৃত্তৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.