thumbnail

First Day of Magh : পহিলা মাঘৰ দিনটোত টিলিঙা মন্দিৰত ভক্তৰ লানি নিছিগা শাৰী

By

Published : Jan 16, 2023, 3:48 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

আজি পহিলা মাঘ (First Day of Magh) ৷ প্ৰতিবছৰৰ দৰেই এইবছৰো মাঘ মাহৰ প্ৰথম দিনটোত বিভিন্ন নামঘৰ, মঠ-মন্দিৰৰ সমান্তৰালভাৱে তিনিচুকীয়াৰ বৰডুবিস্থিত ঐতিহাসিক টিলিঙা মন্দিৰতো(Tilinga Mandir Tinsukia) পুৱাৰে পৰা সমাগম ঘটে অগণন ভক্তৰ ৷

ঐতিহাসিক টিলিঙা মন্দিৰত বিশেষকৈ প্ৰতি সপ্তাহৰ সোমবাৰে ভক্তৰ যথেষ্ট সমাগম হোৱা পৰিলক্ষিত হয়, আজি তাতে পহিলা মাঘ ৷ পহিলা মাঘ উপলক্ষে তিনিচুকীয়া, ডিব্ৰুগড়ৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকলৰ আগমণে টিলিঙা মন্দিৰ প্ৰাংগণত এক অনন্য পৰিৱেশৰ সৃষ্টি কৰিছে ৷

শাৰী শাৰীকৈ ভক্তসকলে মন্দিৰত প্ৰৱেশ কৰি টিলিঙা বন্ধাৰ লগতে চাকি-বন্তি জ্বলাই দিনবোৰ কুশলে পাৰ হোৱাৰ কামনাৰে প্ৰাৰ্থনা কৰে ৷ লোকবিশ্বাস আছে যে টিলিঙা মন্দিৰত টিলিঙা বান্ধিলে মনৰ আশা পূৰণ হয় (Religious beliefs of Tilinga Mandir)।

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.