Drugs Seized: বাছেৰে সহজে ইখনৰ পৰা সিখন ৰাজ্যলৈ সৰবৰাহকাৰীয়ে সৰবৰাহ কৰিছে ড্ৰাগছ ! - কামৰূপ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক কল্যাণ পাঠক
🎬 Watch Now: Feature Video


Published : Nov 11, 2023, 2:31 PM IST
বাইহাটা, 11 নৱেম্বৰ: যাত্ৰীবাহী বাছেৰে ড্ৰাগছ সৰবৰাহ কৰি গ্ৰেপ্তাৰ হ’ল ড্ৰাগছ সৰবৰাহকাৰী । মণিপুৰৰ পৰা অসম হৈ অৰুণাচললৈ বৃহৎ নেটৱৰ্ক স্থাপন হোৱাৰ বিস্ফোৰক তথ্য প্ৰকাশ কৰে ড্ৰাগছ মাফিয়াই । কামৰূপৰ বাইহাটা চাৰিআলিত বিশেষ অভিযানকাৰী দলে বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰাৰ পাছতে পোহৰলৈ আহিছে এই তথ্য ।
শনিবাৰৰ পুৱতি নিশা AS 01-Q-0757 নম্বৰৰ নৈশ বাছখনৰ পৰা 150 গ্ৰাম ড্ৰাগছ জব্দ কৰে অভিযানকাৰী দলটোৱে ৷ কামৰূপ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক কল্যাণ পাঠকৰ নেতৃত্বত চলা অভিযানত জব্দ কৰা হয় 1 কৌটি 20 লাখ টকা মুল্যৰ ড্ৰাগছখিনি ৷ ঘটনা সন্দৰ্ভত গ্ৰেপ্তাৰ কৰা হয় লৰবৰাহকাৰী বাতেন আলীক ৷
সৰবৰাহকাৰীজনে মণিপুৰৰ পৰা যিয়ে যিমান ইচ্ছা সিমান ড্ৰাগছ কঢ়িয়াব পাৰে বুলি বিস্ফোকৰ তথ্য প্ৰকাশ কৰাৰ লগতে বাছেৰে এই সৰবৰাহ চলায় বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে ।
লগতে পঢ়ক: Youth missing: কামৰ সন্ধানত বহিঃৰাজ্যলৈ গৈ যুৱক সন্ধানহীন