Protest in Guwahati : ন্যাৰ্য প্ৰাপ্তিৰ দাবীত গুৱাহাটীত গৃহকর্মীৰ মানৱ শৃংখল - অসম ৰাজ্যিক শ্ৰমিক আয়োগ

🎬 Watch Now: Feature Video

thumbnail

By

Published : Feb 28, 2023, 10:10 PM IST

গুৱাহাটী, ২৮ ফেব্ৰুৱাৰী : আকৌ প্ৰতিবাদ (Protest in Assam)৷ ন্যাৰ্য প্ৰাপ্তিৰ দাবীত এইবাৰ প্ৰতিবাদত নামিল গৃহকর্মীসকল ৷ গৃহকর্মীসকলৰ সামাজিক সুৰক্ষা, আইন প্ৰণয়ন কৰা আৰু সাপ্তাহিক ছুটী নিশ্চিত কৰাৰ দাবীত মংগলবাৰে গুৱাহাটীৰ ৱালফ'ৰ্ডত বহুকেইগৰাকী গৃহকর্মীয়ে সাব্যস্ত কৰে প্ৰতিবাদ (Domestic workers Protest in Guwahati) ।

প্ৰতিবাদী গৃহকৰ্মীসকলে হাতে হাতে প্লেকাৰ্ড লৈ ‘‘মানৱ শৃংখল’’ৰে এক অভিনৱ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । এই প্ৰতিবাদকাৰ্যসূচীত প্ৰতিবাদকাৰীসকলৰ সৈতে উপস্থিত থাকে গৃহকর্মী অধিকাৰ সুৰক্ষা সমিতিৰ মুখ্য-আহ্বায়ক পূজা নিৰালা ৷

সংবাদ মাধ্যমৰ আগত তেওঁ কয়, ‘‘অসমত গৃহকর্মী হিচাপে কৰ্মৰত লাখ লাখ মহিলা শ্ৰমিক যুগ যুগ ধৰি নিজৰ প্ৰাপ্যৰ পৰা বঞ্চিত হৈ আহিছে । গৃহকর্মীসকলে বহুকেইটা বছৰ চৰকাৰৰ মুখলৈ আশাৰে বাট চাই থাকিলে যদিও আজিকোপতি কোনো সামাজিক সুৰক্ষামূলক আইন প্ৰণয়ন কৰা নহ’ল !

উল্লেখযোগ্য যে 'Unorganized Workers' Social Security Act, 2008' যে ৰাজ্য চৰকাৰসমূহক অসংগঠিত খণ্ডৰ প্ৰতিগৰাকী শ্ৰমিকৰ সামাজিক নিৰাপত্তা নিশ্চিত কৰি কল্যাণকামী ব’ৰ্ড গঠন কৰিবলৈ নিৰ্দেশ দিছে । তৎসত্বেও কোনো তৎপৰতাই দেখা নাপালো’’ ।

লগতে তেওঁ কয়, ‘‘ভূতৰ ওপৰত দানহ পৰাদি যোৱা দুবছৰৰ লকডাউনে সম্পূৰ্ণৰূপে জুৰুলা কৰিলে । কিন্তু কোনোধৰণৰ ক্ষতিপূৰণ বা চৰকাৰী সাহাৰ্যই গৃহকৰ্মী সকলক ঢুকি নাপালে । পর্যাপ্ত ন্যূনতম মজুৰি অবিহনে অভাৱ আৰু দৈন্যতাৰ মাজেৰে গৃহকৰ্মী সকলে জীৱন-জীৱিকা চলাই নিবলগীয়া হৈছে ।

তাৰ মাজতে কিছু আশাৰ সঞ্চাৰ কৰি যোৱা ২০১৮ চনত The Domestic Worker’s Social Security Scheme, Assam, 2018 বুলি এখন আঁচনিৰ খচৰা অসম ৰাজ্যিক শ্ৰমিক আয়োগৰ পৰা প্ৰস্তুত কৰি উলিওৱা হৈছিল । কিন্তু ৰহস্যজনকভাৱে সেইখন খচৰা ক’ত হেৰাই থাকিল, তাৰ কোনো তথ্য জনোৱা নহ’ল’’ ।

তেওঁ আৰু কয়, ‘‘তদুপৰি সকলো চৰকাৰী-বেচৰকাৰী কৰ্মচাৰীয়ে বিশ্বজুৰি সপ্তাহত এদিন মজুৰিসহ ছুটী লাভ কৰি আহিছে । কিন্তু গৃহকর্মীসকল এতিয়াও এই সাপ্তাহিক ছুটীৰ পৰা বঞ্চিত হৈ আছে । মালিকপক্ষৰ পৰা ছুটী বিচাৰিলেও বিভিন্ন ককৰ্থনাৰ সন্মুখীন হ’বলগীয়া হয় । আনকি ছুটীৰ বাবদ সেই দিনটোৰ মজুৰী কাটি দিয়া হয় ।

চৰকাৰীভাৱেও গৃহকৰ্মীৰ সাপ্তাহিক ছুটীৰ বিষয়টোত কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নহ’ল’’ ৷ সেয়ে গৃহকর্মী অধিকাৰ সুৰক্ষা সমিতিৰ মুখ্য-আহ্বায়কগৰাকীয়ে মুখ্যমন্ত্ৰীগৰাকীক গৃহকৰ্মীসকলৰ সামাজিক নিৰাপত্তা নিশ্চিত কৰি ৰাজ্যিক পৰ্যায়ত সামাজি সুৰক্ষা আইন শীঘ্ৰে প্ৰণয়ন কৰিবলৈ আহ্বান জনায় ।

আনকি প্ৰতিবাদথলীৰ পৰাই প্ৰতিবাদকাৰীসকলে গৃহকৰ্মীসকলৰ ন্যূনতম মজুৰি প্ৰতিঘণ্টাত 75 টকালৈ বৃদ্ধি কৰা, 60 বছৰৰ উৰ্দ্ধৰ গৃহকৰ্মীক প্ৰতিমাহে পেঞ্চনৰ ব্যৱস্থা কৰা, সন্তানৰ শিক্ষাবৃত্তি নিশ্চিত কৰা, গৃহকর্মীৰ চিকিৎসা বিষয়টো ESIC-ৰ অন্তৰ্ভুক্ত কৰা, গৰ্ভৱতী শ্ৰমিকক গর্ভকালীন ভাট্টা প্ৰদান কৰা, জীৱনকালীন-বিপদকালীন তথা মৃত্যুত বীমা প্ৰদান কৰা, সপ্তাহত এদিন মজুৰিসহ ছুটী নিশ্চিত কৰা আৰু লকডাউনৰ ক্ষতিপূৰণ হিচাপে প্ৰতিগৰাকী গৃহকৰ্মীক 1 লাখ টকা প্ৰদান কৰা দাবী সম্বলিত এখনি স্মাৰক পত্ৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে ৷

লগতে পঢ়ক : Ripun Bora criticized AAP and AIUDF: বিজেপিৰ হৈ কাম কৰি আছে AAP AIUDF এ: ৰিপুন বৰা

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.