House engulfed in fire Update:নুনমাটিৰ ৰামসিং চাপৰিত সংঘটিত অংগ্নিকাণ্ডৰ নতুন মোৰ - Noonmati Police
🎬 Watch Now: Feature Video
গুৱাহাটী,১৯ জুলাই: মহানগৰী নুনমাটিৰ ৰামসিং চাপৰিত সংঘটিত অংগ্নিকাণ্ড ঘটনাৰ নতুন মোৰ ৷ ব্যক্তিগত শত্ৰুতাৰ বাবে ৰিংকু দেৱীৰ ঘৰ সোমবাৰে মাজনিশা জ্বলাই দিছিল ৰাধে মাহাতো নামৰ লোকজনে ৷ অৱশেষত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত ৰাধে মাহাতোক ৷
সোমবাৰে মাজনিশা সংঘটিত ঘটনাৰ বাবে ৰিংকু দেৱী নামৰ মহিলা গৰাকীয়ে নুনমাটি আৰক্ষী থানাত অভিযোগ দাখিল কৰিছিল ৷ সেই অভিযোগৰ ভিত্তিত ৰাধে মাহাতোক আজি গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ৷ ভাৰতীয় দণ্ড বিধিৰ ৪৩৬ ধাৰাৰ অধীনত ২২১/২৩ নম্বৰত এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছিল নুনমাটি আৰক্ষীয়ে । ৰাধে মাহাতোক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি আজি আদালতত হাজিৰ কৰাৰ পিছত আদালতৰ নিৰ্দেশ মৰ্মে জেললৈ প্ৰেৰণ কৰে।
দীৰ্ঘদিন ধৰি ৰাধে মাহতোৱে অবৈধ সুৰাৰ ব্যৱসায় কৰি আহিছিল ৷ এই কাৰ্য বন্ধ কৰিবলৈ ৰাধে মাহাতোক বাৰে বাৰে অনুৰোধ কৰিছিল ৰিংকু দেৱীয়ে ৷ কিন্তু ৰাধে মাহতোৱে অনুৰোধ ৰক্ষা নকৰাত আৰক্ষীক অৱগত কৰিছিল ৰিংকু দেৱীয়ে ৷ আৰক্ষীক অৱগত কৰাৰ বাবে ৰিংকু দেৱীৰ ঘৰ জ্বলাই দিয়াৰ অভিযোগ উঠিছিল ৷ অৱশেষত গ্ৰেপ্তাৰ হ’ল ৰাধে মাহাতো ৷
লগতে পঢ়ক:House engulfed in fire at Noonmati: নুনমাটি ৰামছিং চাপৰিত নিশা চাঞ্চল্যকৰ ঘটনা