বঙাইগাঁৱত পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে দুজনে - Tragic road accident in Bongaigaon
🎬 Watch Now: Feature Video


Published : Dec 21, 2023, 10:52 AM IST
বঙাইগাঁও,২১ ডিচেম্বৰ: বুধবাৰে নিশা বঙাইগাঁৱত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা । জিলাখনৰ চৌৰাগুৰি নামৰ স্থানত সংঘটিত হয় এই শোকাবহ পথ দুৰ্ঘটনাটো । ট্ৰাক আৰু বাইকৰ মাজত মুখামুখি সংঘৰ্ষ হোৱাৰ ফলতেই সংঘটিত পথ দুৰ্ঘটনাটো । ঘটনাস্থলীত মৃত্যু হয় দুই বাইক আৰোহীৰ । বাতৰি সংগ্ৰহৰ সময়লৈকে উদ্ধাৰ হোৱা নাই মৃত লোক দুজনৰ কোনো পৰিচয় ।
জানিবপৰামতে ট্ৰাকখনৰ নম্বৰ GJ-01-FT-8990 আৰু বাইক খনৰ নম্বৰ AS-26-E-6838 । দুৰ্ঘটনা সংঘটিত কৰা বাইকখন সম্পূৰ্ণৰূপে চূৰ্ণ-বিচূৰ্ণ হৈ পৰে । ঘটনাৰ খবৰ লাভ কৰা মাত্ৰকে ঘটনাস্থলীত উপস্থিত হয় বঙাইগাঁও আৰক্ষীৰ এটা দল । ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ দুটা মৰোণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে ।
লগতে পঢ়ক: গোলাঘাটত তীব্ৰবেগী বাইকৰ খুন্দাত চাইকেল আৰোহী নিহত