Rangali Bihu 2023 : ঘৰে ঘৰে হুঁচৰি মৰাত ব্যস্ত হোজাইৰ ডেকাসকল - ৰাজ্যত এতিয়া ব’হাগৰ বা বলিছে

🎬 Watch Now: Feature Video

thumbnail

By

Published : Apr 16, 2023, 10:15 PM IST

হোজাই, 16 এপ্ৰিল : ৰাজ্যত এতিয়া ব’হাগৰ বা বলিছে ৷ শদীয়াৰ পৰা ধুবুৰীলৈ কেৱল এতিয়া ৰঙালীৰ পাৰ ভঙা উচাহ দেখিবলৈ পোৱা গৈছে ৷ গৰু বিহুৰ গধূলিৰে পৰা গাঁৱে-ভূঞে সকলোতে এতিয়া ডেকা-গাভৰুৱে হুঁচৰি মৰাত ব্যস্ত হৈ পৰিছে (Hojai youth busy in Bihu Husori) ৷ বাদ পৰি ৰোৱা নাই হোজাই জিলাবাসীও ৷

ব’হাগৰ প্ৰথম নিশাৰ পৰাই হোজাইৰ একাংশ ৰাইজে ঘৰে ঘৰে গৈ জুৰিছে হুঁচৰি, মাৰিছে বিহু ৷ পৰম্পৰা ৰক্ষা কৰাৰ স্বাৰ্থত ওলাই আহিছে সকলো ৷ হোজাই জিলাৰ চহৰীয়া ব্যস্তাতাৰ মাজতে পৰম্পৰা ৰক্ষাৰ স্বাৰ্থত ওলাই আহিছে চহৰীয়া ডোকাসকল ৷ ডেকা-বুঢ়া-মেথা সকলোৱে মিলি ব’হাগৰ প্ৰথম তিনিটা দিন হুঁচৰি গোৱাৰ পৰিকল্পনা কৰিছে ৷

তিনিদিনলৈকে এনেদৰে হুঁচৰি গাই বা বিহু মাৰি পোৱা ধনৰ এটা অংশ নামঘৰত দান কৰাৰ পৰিকল্পনা কৰাৰ লগতে বাকী ধন লগে ভাগে ভোজ-ভাত খাৱ বুলি উল্লেখ কৰিছে হুঁচৰি মৰা ডেকাসকলে ৷

লগতে পঢ়ক : Kola Burhi Nass: ক’লা বুঢ়ী নাচৰ সৈতে চিনাকী হওঁ আহক...

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.