লংকাত গাঞ্জাসহ গ্ৰেপ্তাৰ চাৰি - marijuana seized in Hojai

🎬 Watch Now: Feature Video

thumbnail

By

Published : Aug 23, 2022, 12:25 PM IST

Updated : Feb 3, 2023, 8:27 PM IST

হোজাই জিলা লংকাৰ ১নং ৰেল গেটৰ সমীপৰ পৰা গাঞ্জাসহ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় চাৰিটাকৈ সৰবৰাহকাৰীক(Police arrested four marijuana smugglers)। গোপন সূত্ৰৰ পম খেদি সোমবাৰে নিশা হোজাই আৰক্ষীৰ এটি দলে অভিযান চলায় আৰু জব্দ কৰে ১৪ কেজি ৮০০ গ্ৰাম গাঞ্জা(marijuana seized in Hojai)। গ্ৰেপ্তাৰ হোৱা চাৰিজনৰ ভিতৰত এগৰাকী কিশোৰী বুলি জানিব পৰা গৈছে ৷ আন তিনিজনৰ নাম অৰুণ চাহানী, গীতা দেৱী আৰু অমৃত মিশ্ৰ ৷ জব্দকৃত গাঞ্জাখিনিৰ বজাৰ মূল্য অনুমানিক ৩০ হাজাৰ টকা হব বুলি আৰক্ষী সূত্ৰৰ পৰা জানিবলৈ পোৱা গৈছে । গাঞ্জাৰ লগতে এই অভিযানত জব্দ কৰা হয় নগদ ধন ৪৭ হাজাৰ টকা ৷ উল্লেখ্য যে, অৰুণ চাহানী আৰু গীতা দেৱী ড্ৰাগছৰ গোচৰত গ্ৰেপ্তাৰ হৈ কাৰাবাস খাতি আছিল আৰু কিছুদিন পূৰ্বে লাভ কৰিছিল জামিন ৷
Last Updated : Feb 3, 2023, 8:27 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.