Hojai Mob Lynching Upadate:আটকাধীন 6 লোকক মুক্তিৰ দাবীত ওলাই আহিল ৰাইজ

By

Published : Aug 13, 2023, 4:36 PM IST

thumbnail

হোজাই,13 আগষ্ট: শনিবাৰে নিশা লংকাত লংকা কাণ্ডৰ পাচতে আৰক্ষীয়ে আটক কৰিছিল 6 জনকৈ লোকক ৷  আটক কৰা লোকসকলক মুক্তিৰ দাবীত হোজাইৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত উপস্থিত হয় শতাধিক ৰাইজ ৷ 

ৰাইজৰ অভিযোগ, আৰক্ষীয়ে আটক কৰা 6 লোক শনিবাৰৰ নিশা গণ প্ৰহাৰৰ ঘটনাৰ লগত জড়িত নাছিল ৷ নিৰ্দোষীক আৰক্ষীয়ে শুই থকা অৱস্থাৰ বাবে আটক কৰি লৈ আহিছে ৷ সেয়ে মুক্তি কৰি দিব লাগে বুলি আৰক্ষীলৈ আহ্বান কৰিছে ৰাইজে ৷ 

আনহাতে ৰাইজে অভিযোগক কৰে যে, ৰাইজৰ প্ৰহাৰত মৃত্যু হোৱা নাছিল হিবজুৰ ৰহমান ৷ ‘‘জীৱিত অৱস্থাত আমি আৰক্ষীক গতাই দিছিলো ৷ এতিয়া কিয় দিন হাজিৰা কৰা মানুহখিনিক অত্যাচাৰ কৰিছে আৰক্ষীয়ে ! আমি চোৰৰ কাৰণে বিনিদ্ৰ ৰজনী কটাব লগা হৈছে ৷  ঘৰত সৰু ল’ৰা ছোৱালীক অকলে থব নোৱাৰি ৷ ৰাতি হ’লে মানুহৰ ঘৰৰ বেৰ কাটি লৈ যায় বিভিন্ন সামগ্ৰী ৷ ৰাইজক চোৰৰ উপদ্ৰবৰ পৰা ৰক্ষা কৰিবলৈ আৰক্ষীয়ে কিয় ব্যৱস্থা গ্ৰহণ কৰা নাই ৷’’ প্ৰশ্ন কৰে ৰাইজে ৷  

গাঁওখনৰ ৰাইজৰ অভিযোগ, বিগত তিনি চাৰি মাহ ধৰি চোৰে লংকাৰ  বামুণগাঁৱত উপদ্ৰৱ চলাইছিল ৷ দিন ৰাতি বুলিবলৈ নাই ৷ ঘৰৰ সামগ্ৰীৰ পৰা গৰু ছাগলী আদি চোৰকৰি লৈ যায় ৷ ঘৰত একো ৰাখি থব নোৱাৰি চোৰৰ বাবে ৷  সেয়ে ৰাইজে নিজে পহৰাৰ ব্যৱস্থা কৰে ৷ শনিবাৰে নিশা উক্ত অঞ্চলত প্ৰৱেশৰ পাচতে ৰাইজে আটক কৰে সন্দেহজনক গৰু চোৰটোক ৷ লগে লগে চোৰৰ সন্দেহত ৰাইজে প্ৰহাৰ কৰে  হিবজুৰ ৰহমান নামৰ সন্দেহজনক চোৰটোক ৷ ফলত নিহত হয় হিবজুৰ ৰহমান ৷

লগতে পঢ়ক:Hojai Mob lynching: লংকাত চোৰৰ সন্দেহত মৰিয়াই মৰিয়াই এজনক হত্যা

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.