এতিয়া থানাতহে চুৰি কৰাৰ আনন্দ ল’ব চোৰে !

By ETV Bharat Assamese Team

Published : Nov 21, 2023, 7:15 PM IST

thumbnail

হোজাই, 21 নৱেম্বৰ : হোজাই আৰক্ষীৰ বৃহৎ সফলতা । ৫ টাকৈ গভাইত চোৰক আটক কৰিবলৈ সক্ষম হয় হোজাই আৰক্ষী । হোজাই জিলাৰ লংকা আৰক্ষী থানাৰ অন্তৰ্গত শংকৰদেৱ নগৰ আৰক্ষী পহৰা চকীৰ আৰক্ষী বিষয়া ৰাজু ৰায়ৰ নেতৃত্বত অভিযান চলাই আৰক্ষীয়ে আটক কৰে ৫ টাকৈ গভাইত চোৰক । আটকাধীন চোৰ পাঁচটাৰ নাম ক্ৰমে হবিবুৰ ৰহমান, ৰামিম আহমেদ, নচেদ আলী, চাহাব উদ্দীন আৰু আজমত আলী ।

উল্লেখ্য যে, ১৯ নৱেম্বৰৰ নিশা উক্ত চোৰৰ দলটোৱে লংকাৰ ৫৪ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৰ জোৰাপুখুৰীত থকা মাৰুটি আৰ ডি ডিলাৰত সংঘটিত কৰিছিল চুৰিকাণ্ড । মাৰুটি ডিলাৰটোত চোৰকেইটাই পিছফালেৰে দৰ্জা ভাঙি সোমাই ডিলাৰটোৰ ভিতৰৰ আচবাব লণ্ড-ভণ্ড কৰাৰ লগতে ডিলাৰটোৰ ভিতৰত থকা কেছ কাউন্টাৰৰ ভাঙি মূল্যৱান সা-সম্পত্তিসহ নগদ ধন লৈ উধাও হৈছিল ।

মাৰুতি ডিলাৰৰ ফালৰ পৰা অভিযোগ দাখিল কৰাৰ পিচত হোজাই আৰক্ষীয়ে ক্ষীপ্ৰতাৰে অনুসন্ধান কৰি মঙলবাৰে দিনত ভাগত এটা ঘৰৰ পৰা আটক কৰিবলৈ সক্ষম হয় চোৰকেইটাক । ইতিমধ্যেই আটকাধীন চোৰকেইটাৰ পৰা আৰক্ষীয়ে ৫ টাকৈ মোবাইল ফোন, নগদ ধন, চুৰিকাৰ্যত ব্যৱহৃত এখন AS 01 AG 8670 নম্বৰৰ চাৰিচকীয়া বাহন জব্দ কৰে । বৰ্তমান আটকাধীন চোৰকেইটাক শংকৰদেৱ নগৰ আৰক্ষী থানাত ৰাখি আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে । উল্লেখ্য যে, উক্ত চোৰৰ দলটোৱে বিগত দিনত লংকাৰ চহৰৰ বিভিন্ন ৱাৰ্ডকে ধৰি বামুনগাঁও, লস্কৰপথাৰ ৰোড আদি অঞ্চলত চলাই আহিছিল ত্ৰাস । আনহাতে ভিডিঅ’টোত আপোনালোকে দেখিবলৈ পাব চোৰকেইটাই নিজেই স্বীকাৰ কৰিছে চোৰ কৰা কাৰ্য্য !

লগতে পঢ়ক : Golaghat theft incident:ঘৰ এৰি থৈ যোৱাৰ আগত সাৱধান, চোৰৰ কোপদৃষ্টি পৰিব পাৰে!

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.