Hojai AASU biennial session: দিশপুৰত বহি চমক সৃষ্টি কৰাতকৈ ছাত্ৰ-ছাত্ৰীৰ ভবিষ্যত চমকাব পৰাকৈ সিদ্ধান্ত গ্ৰহণ কৰক; সমুজ্জ্বল ভট্টাচাৰ্য

By ETV Bharat Assamese Team

Published : Oct 16, 2023, 12:38 PM IST

thumbnail

হোজাই, ১৬ আগষ্ট: হোজাই জিলাৰ লংকাত অনুষ্ঠিত সদৌ অসম হোজাই জিলা ছাত্ৰ সন্থাৰ দ্বিবাৰ্ষিক অধিবেশনখন দেওবাৰ সফল সামৰণি পৰে । অধিবেশনত আছুৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই 'লংকা' শীৰ্ষক স্মৃতিগ্ৰন্থখন উন্মোচন কৰে ৷ হোজাই জিলা ছাত্ৰ সন্থাৰ দ্বিবাৰ্ষিক অধিবেশনখন সৰ্বাংগসুন্দৰ হৈ অনুষ্ঠিত হোৱাটো এটা শুভ বাৰ্তা বুলি উল্লেখ কৰি তেওঁ শিক্ষাৰ ক্ষেত্ৰত চৰকাৰখনৰ কৰণীয় বহু আছে বুলি মন্তব্য কৰে ৷ 

আছুৰ মুখ্য উপদেষ্টাগৰাকীয়ে লংকা অধিবেশনথলীৰ পৰা চৰকাৰক দিশপুৰত বহি চমক সৃষ্টি কৰাতকৈ ছাত্ৰ-ছাত্ৰীৰ ভবিষ্যত চমকাব পৰাকৈ সিদ্ধান্ত গ্ৰহণ কৰি কাৰ্যকৰী কৰাৰ আহ্বান জনায় ৷ লংকা হাইস্কুলৰ খেলপথাৰত অনুষ্ঠিত হোৱা অধিবেশনত ভট্টাচাৰ্যই চৰকাৰখনৰ কাম-কাজৰ সমালোচনা কৰি ১৯৫০ চনতে স্থাপন হোৱা লংকা হাইস্কুলখন আজিকোপতি উচ্চতৰ মাধ্যমিকলৈ উন্নীত নকৰাত ক্ষোভ প্ৰকাশ কৰে ৷

ইয়াৰ উপৰি শৈক্ষিক দিশত হোজাই জিলাখনত চৰকাৰৰ আৰু বহুতো পদক্ষেপ ল’ব লগা আছে বুলি সমালোচনা কৰি তেওঁ হোজাই জিলাত এখন কৃষি বিশ্ববিদ্যালয়ৰ প্ৰয়োজন হোৱাৰ কথাও ব্যক্ত কৰে ৷

লগতে পঢ়ক: Arunodaya card distribution in Hojai :হোজাইত অৰুণোদয় কাৰ্ড বিতৰণ মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.