thumbnail

By

Published : Mar 19, 2023, 7:30 PM IST

ETV Bharat / Videos

Historycal Samdhora Garh : অস্তিত্বৰ সংকটত অসমৰ চীনৰ প্ৰাচীৰ স্বৰূপ চামধৰা গড়

কলিয়াবৰ, 19 মাৰ্চ : অস্তিত্ব বিপদাপন্ন অসমৰ ‘‘চীনৰ প্ৰাচীৰ’’ৰ (Historical Samdhora Garh)৷ অসমৰ মধ্যযুগৰ আহোম ৰাজত্ব কালৰ দেশৰ প্ৰতিৰক্ষাৰ শৌৰ্য প্ৰতীক চীনৰ প্ৰাচীৰ বুলি খ্যাত চামধৰা গড় আজি দুষ্কৃতিকাৰীৰ কৱলত পৰিছে (Great Ahom kingdom of Assam) ৷ আহোম স্বৰ্গদেও প্ৰতাপ সিংহই 1617 খ্ৰীষ্টাব্দতে ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে 41 কি: মি: দৈঘ্যৰে নিৰ্মাণ কৰিছিল এই চামধৰা গড়টো ।

কলিয়াবৰ মহকুমাৰ আমনিৰ 37 নম্বৰ ঘাইপথে দ্বিখণ্ডিত কৰা গড়টোত ৰোপণ কৰা হাজাৰ-হাজাৰ গছ ইতিমধ্যে নোহোৱা হৈছে । নিতৌ এই ঐতিহ্যবহনকাৰী গড়টো কাটি এচামে তৈয়াৰ হৈছে ন-ন আবাসগৃহ । ফলত ‘‘চীনৰ প্ৰাচীৰ’’ ৰূপে পৰিচিত চামধৰা গড়ৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ উত্তৰ দিশত হোৱা অবাধ বেদখলে মাতিছে অস্তিত্বৰ প্ৰতি চৰম ভাবুকি (Historical Samdhora Garh in existence problem)।

তথ্য অনুসৰি, এই গড়টোৰ ভূমি অপব্যৱহাৰ কৰি খান্দি পেলোৱা হৈছে । বিশেষকৈ ৰহধলা গাঁও পঞ্চায়ত এলেকাৰ চামগুৰি সমষ্টিৰ সীমাত অধিক বেদখল হৈছে গড়টোত । সংশ্লিষ্ট বিভাগ তথা প্ৰশাসনে গ্ৰহণ কৰা নিৰৱতাক লৈ ক্ষুব্ধ হৈ পৰিছে স্থানীয় লোক কিন্বা বহু দল-সংগঠন ৷

অগপ চৰকাৰৰ দিনত ‘‘বুঢ়া-বুঢ়ী গড়’’ নামেও খ্যাত কৰি এই গড়টোত বহু গছ-গছনি ৰোপণ কৰিছিল বন বিভাগে । কিন্তু কংগ্ৰেছৰ ১৫ বছৰীয়া শাসন কালত এই গড়টোত আৰম্ভ হয় অবাধ বেদখল । মূল্যবান গছ-গছনি কাটি তহিলং কৰিলে দুস্কৃতিকাৰীয়ে । ৰাইজৰ আহ্বান এই গড়টো বেদখলমুক্ত কৰি সুৰক্ষিত কৰক চৰকাৰে ।

লগতে পঢ়ক : Historical Moidam in Sivasagar : আমগুৰিত অৱহেলিত ঐতিহাসিক মৈদাম, সংৰক্ষণৰ আহ্বান

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.