Summer workshop in Jonai: জোনাইত চেমনীয়াৰ দ্বাৰা মিৰি জীয়ৰি নাট মঞ্চস্থ

By

Published : Jul 25, 2023, 12:39 PM IST

thumbnail

জোনাই, 25 জুলাই: অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু ধেমাজি জিলা প্ৰশাসনৰ সহযোগত অনুষ্ঠিত হোৱা ১০ দিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সোমবাৰে সন্ধিয়া সফল সামৰণি পৰে ৷ শিক্ষাৰ্থীসকলক সাংস্কৃতিক বুদ্ধিমত্তাক গুৰুত্ব প্ৰদান কৰিয়েই অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগে এই পদক্ষেপ গ্ৰহণ কৰিছে ।

জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ত জোনাই বিধানসভা সমষ্টি ভিত্তিক অনুষ্ঠিত কৰা গ্ৰীষ্মকালীন কৰ্মশালাত প্ৰশিক্ষক হিচাপে উপস্থিত থাকে উদ্দিপ্ত বৰপাত্ৰগোঁহাই, প্ৰহ্লাদ বৰুৱা ৷ কৰ্মশালা সমিতিৰ অধ্যক্ষা পল্লৱী হাজৰিকা দলেৰ সঞ্চালনাত অনুষ্ঠিত কৰা হয় মিৰি জীয়ৰী নাটখন ৷ কৰ্মশালা সামৰণিৰ দিনা ৰজনীকান্ত বৰদলৈৰ ৰচিত "মিৰি জীয়ৰী" নাটখন ছাত্র-ছাত্ৰীসকলে সুন্দৰকৈ মঞ্চস্থ কৰি ৰাইজক আমোদ দিয়ে ৷

অনুষ্ঠানত উপস্থিত থাকে জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ তথা কৰ্মশালাৰ সদস্য প্ৰাণজিৎ পেগু, সৰস্বতী সংগীত বিদ্যালয়ৰ অধ্যক্ষ তথা কৰ্মশালা সদস্য ৰাজু ৰয়, মূৰ্কংচেলেক মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ দিপক কুমাৰ দলে, মূৰ্কংচেলেক মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ জয় কুমাৰ দলে, মূৰ্কংচেলেক মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষা ডঃ সুখলতা ফুকন গগৈ, জোনাই মহকুমা নিৰ্বাচনী বিষয়া গায়ত্ৰী পাতিৰ, জোনাই আঞ্চলিক বন বিষয়া দ্বিপাশ্ৰী দলে, পূৱ জোনাই বিজিপি মণ্ডলৰ সভাপতি আদিত্য বৰুৱাৰ লগতে ছাত্ৰ-ছাত্ৰী ,অভিভাৱক আৰু স্থানীয় বিশিষ্ট ব্যক্তিসকল ৷  

লগতে পঢ়ক: Juhi Parmar Disappointed With Barbie: আপোনাৰ সন্তানক বাৰ্বি চাবলৈ নিয়াৰ আগতে দহবাৰ ভাবি লওক; জুহি পাৰমাৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.