ETV Bharat / business

EPFO ৰ সীমা বৃদ্ধি, অৱসৰৰ সময়ত লাভ কৰিব ১ কোটি টকা - EPFO wage ceiling - EPFO WAGE CEILING

Limit of EPFO wage ceiling : কেন্দ্ৰীয় চৰকাৰে EPFO ৰ সীমা বৃদ্ধি কৰাৰ কথা চিন্তা-চৰ্চা কৰিছে বুলি জানিব পৰা গৈছে । বৰ্তমান মাহেকীয়া সীমা ১৫ হাজাৰ টকাৰ পৰা ২১ হাজাৰ টকালৈ বৃদ্ধি কৰা হ’ব । এনে হ’লে অৱসৰৰ সময়লৈকে আপোনাৰ হাতত জমা হ’ব ১ কোটি টকা ৷

Limit of EPFO wage ceiling
EPFO ৰ সীমা বৃদ্ধি (ETV Bharat)
author img

By ETV Bharat Business Team

Published : Sep 20, 2024, 7:35 AM IST

নিউজ ডেস্ক, 20 ছেপ্টেম্বৰ : EPFO সন্দৰ্ভত মোদী চৰকাৰে এটা ডাঙৰ সিদ্ধান্ত ল’বলৈ ওলাইছে । এই দাবী কৰিছে ফাইনেন্সিয়েল এক্সপ্ৰেছে । ফাইনেন্সিয়েল এক্সপ্ৰেছৰ মতে, চৰকাৰী দৰমহাৰ সীমা ১৫ হাজাৰ টকাৰ পৰা ২১ হাজাৰলৈ বৃদ্ধি কৰাৰ প্ৰস্তুতি চলাইছে । সহজ অৰ্থত এনে হ’লে ১ কোটি টকাৰ পি এফ ফাণ্ড (PF Fund) লৈ অৱসৰ ল’ব পাৰিব ।

ধৰি লওক যিকোনো কৰ্মচাৰীৰ মাহিলী আয় ১৫,০০০ টকা বা তাতকৈ কম, তেতিয়া কৰ্মচাৰী আৰু নিয়োগকৰ্তা দুয়োজনে দৰমহাৰ ১২ শতাংশ বৰঙণি দিব লাগিব । কিন্তু নিয়োগকৰ্তাই দিয়া অৱদান দুটা ভাগত বিভক্ত কৰা হয় । অৰ্থাৎ ৮.৩৩ শতাংশ কৰ্মচাৰী পেঞ্চন (EPS) আৰু ৩.৬৭ শতাংশ প্ৰভিডেণ্ট ফাণ্ডলৈ (Provident Fund) যায় ।

  • যদি মাহিলী আয় ১৫ হাজাৰ টকা হয়; তেন্তে...

যিকোনো কৰ্মচাৰীৰ দৰমহা ১৫ হাজাৰ টকা বুলি যদি ধৰি লওঁ, তেতিয়া হ’লে প্ৰতিমাহে তেওঁৰ প্ৰভিডেণ্ট ফাণ্ডৰ অৱদান ১৮০০ টকা । আনহাতে প্ৰভিডেণ্ট ফাণ্ডত নিয়োগকৰ্তাৰ অৱদান হ’ব ৫৫০.৫০ টকা আৰু EPS লৈ বৰঙণি হ’ব ১২৪৯.৫০ টকা ।

যদি আমি ধৰি লওঁ যে আপুনি ২৩ বছৰ বয়সত ১৫ হাজাৰ টকা বিনিয়োগ কৰিছে । যদি আপুনি ১০০০ টকাত চাকৰি আৰম্ভ কৰে আৰু ৩৫ বছৰ ধৰি অবিৰতভাৱে EPFO ত বৰঙণি আগবঢ়াই থাকে, তেন্তে অৱসৰৰ সময়ত আপুনি মুঠ ৭১.৫৫ লাখ টকা পাব । সুতৰ হাৰ ৮.২৫ শতাংশ হ’লেহে উপলব্ধ হ’ব ।

লগতে পঢ়ক : ৰাহি হ’ব সময়, EPFO ই কৰ্মচাৰীসকললৈ লৈ আহিছে বৃহৎ সকাহ - EPFO Profile data online Update

লগতে পঢ়ক : PF Withdrawal: EPF ৰ ধন কেনেকৈ উলিয়াব, কি কি নথি-পত্ৰৰ প্ৰয়োজন হ’ব, জানি লওক সম্পূৰ্ণ প্ৰক্ৰিয়া

  • নতুন পৰিস্থিতিত অৰ্থাৎ চৰকাৰে সীমা বৃদ্ধি কৰিলে কি হ’ব ?

যদি চৰকাৰে মাহিলী আয়ৰ সীমা ১৫ হাজাৰ টকাৰ পৰা ২১ হাজাৰ টকালৈ বৃদ্ধি কৰে; তেতিয়া কি হ’ব ? এনে পৰিস্থিতিত EPFO লৈ কৰ্মচাৰীজনৰ অৱদান হ’ব ২৫২০ টকা । যদিহে EPFO ত নিয়োগকৰ্তাৰ অৱদান হ’ব ৭৭০.৭০ টকা আৰু EPS ত তেওঁৰ অৱদান হ’ব ১৭৪৯.৫০ টকা ।

সীমা ১৫ হাজাৰ টকাৰ পৰা ২১ হাজাৰ টকাৰ পৰা বৃদ্ধি হ’লে অৱসৰৰ সময়ত আপোনাৰ হাতত ১ কোটি টকা থাকিব । ইয়াত বিনিয়োগ কৰা ধনৰাশি ১৫ লাখ টকা হ’ব ৷ আনহাতে সুত হ’ব ৮৫ লাখ টকা ৷ ইয়াতো সুতৰ হাৰ কেৱল ৮.২৫ শতাংশত ৰখা হৈছে । ২০১৪ চনত EPFO ৰ মাহেকীয়া সীমা আছিল ৬৫০০ টকা ।

শ্ৰম মন্ত্ৰালয়ৰ উদ্ধৃতি দি সংবাদ মাধ্যমৰ প্ৰতিবেদনত কোৱা হৈছে যে মৌলিক দৰমহাৰ সীমা বৃদ্ধি কৰিলে অধিক সংখ্যক কৰ্মচাৰী ইয়াৰ অধীনত আহিব আৰু তেওঁলোকে দীৰ্ঘম্যাদী সঞ্চয়ৰ দিশত আকৰ্ষিত হ’ব ।

  • উলিওৱাৰ সীমা সলনি হ’ল

EPFO উলিওৱাৰ সীমাও বৰ্তমানৰ ৫০ হাজাৰ টকাৰ পৰা ১ লাখ টকালৈ বৃদ্ধি কৰা হৈছে । অৱশ্যে পাৰিবাৰিক জৰুৰীকালীন অৱস্থা হ’লেহে এই কাম কৰিব পাৰিব ।

লগতে পঢ়ক : যদি আপুনি প্ৰথম চাকৰি কৰিছে, তেন্তে EPFO একাউণ্ট খোলোতে এইকেইটা ভুল নকৰিব - Responsibilities Of UAN Holder

লগতে পঢ়ক : PF কৰ্তন কৰিলে কিমান পেন্সন লাভ কৰিব পাৰি ? কিমান বছৰ কাম কৰিলে পাব এই সুবিধা? জানো আহক - Employee Pension Scheme

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.