ETV Bharat / state

আছুৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদকক গৃহ জিলাত উষ্ম আদৰণি - AASU General Secretary in Charge - AASU GENERAL SECRETARY IN CHARGE

Shorjun Hanse as AASU GS : পাহাৰীয়া জিলাৰ পৰা পোন প্ৰথমবাৰৰ বাবে এগৰাকী ছাত্ৰ নেতাই আছুৰ গুৰু দায়িত্ব লাভ কৰাৰ পিচত গৃহ জিলাত আনন্দৰ জোৱাৰ । দায়িত্ব অৰ্পণ কৰা বাবে অসমবাসীক কৃতজ্ঞতা জ্ঞাপন ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদকৰ ।

AASU General Secretary in Charge
সদৌ অসম ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Sep 20, 2024, 7:36 AM IST

ডিফু, ২০ ছেপ্টেম্বৰ : যোৱা ১৩ ছেপ্টেম্বৰত শংকৰজ্যোতি বৰুৱাই আছুৰ সাধাৰণ সম্পাদকৰ পদ ত্যাগ কৰাৰ পিচতেই স্বাভাৱিকতেই চৰ্চা হৈছিল কাৰ ওপৰত অৰ্পণ কৰা হ'ব এই দায়িত্ব । এই চৰ্চাৰ মাজতেই সংগঠনটোৰ সহকাৰী সাধাৰণ সম্পাদক চৰ্জুন হাঞ্চেক ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদকৰ দায়িত্ব অৰ্পণ কৰা হয় ৷ পাহাৰীয়া জিলাখনৰ পৰা পোন প্ৰথমবাৰৰ বাবে এগৰাকী ছাত্ৰ নেতাই এই গুৰু দায়িত্ব লাভ কৰাৰ পিচত গৃহ জিলাখনত আনন্দৰ বন্য়া বৈছে ।

সদৌ অসম ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক (ETV Bharat Assam)
  • গৃহ জিলাত আদৰণি

সদৌ অসম ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক চর্জুন হাঞ্চেক বৃহস্পতিবাৰে গৃহস্থান ডিফুত বিভিন্ন দল-সংগঠনে উষ্ম আদৰণি জনায় । আছুৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক ৰূপে নির্বাচিত হৈ ডিফুলৈ অহাৰ পথত কাৰ্বি আংলং জিলাৰ বিভিন্ন আঞ্চলিক ছাত্র সন্থাসমূহে ঠায়ে ঠায়ে ছাত্র নেতাগৰাকীক আদৰণি জনায় ।

বৃহস্পতিবাৰে সন্ধিয়া ৭ বজাত ঐতিহ্যমণ্ডিত ডিফু ক্লাবত উপস্থিত হোৱা হাঞ্চেক জিলাখনৰ বিভিন্ন সামাজিক সংগঠন আৰু ছাত্র সংগঠনসমূহে আদৰণি জনায় । কার্বি আংলং জিলা মহিলা সমিতি, কাৰ্বি আংলং জিলা সাহিত্য সভা, ডিফু সাহিত্য সভা, কার্বি সাংস্কৃতিক সমাজ, ডিফু লেখিকা সমাৰোহ, ডিফু ক্লাব, কার্বি আংলং জিলা প্রেছ ক্লাব, ডিফু মুছলিম যুৱ মঞ্চকে ধৰি বহু কেইটা দল-সংগঠনে শুভেচ্ছা আৰু আদৰণি জনায় ।

  • কৃতজ্ঞতা জ্ঞাপন ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদকৰ

দল-সংগঠনৰ সম্ভাষণ গ্ৰহণ কৰি অসমৰ সকলো জিলা আৰু আঞ্চলিক, মহকুমা, শাখা ছাত্র সন্থাসমূহলৈ তেওঁক এই পদত নিৰ্বাচিত কৰাৰ বাবে কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰে । তেওঁ বিশেষ কার্বি আংলং জিলাৰ বিভিন্ন দল-সংগঠন, জ্যেষ্ঠ, কনিষ্ঠসকলৰ পৰা বিশেষ আশীর্বাদ আৰু দিহা-পৰামৰ্শ বিচাৰে যাতে তেওঁৰ এই গুৰু দায়িত্ব নিষ্ঠা আৰু সততাৰে সম্পূৰ্ণ কৰিবলৈ সক্ষম হয় ।

উল্লেখ্য় যে, এগৰাকী যুৱতীয়ে প্ৰেম-প্ৰতাৰণাৰ অভিযোগ উত্থাপন কৰাৰ পিচতেই শংকৰজ্যোতি বৰুৱাই সাধাৰণ সম্পাদকৰ পদ ত্যাগ কৰাৰ পিচত বুধবাৰে সংগঠনটোৰ সহকাৰী সহকাৰী সাধাৰণ সম্পাদক চৰ্জুন হাঞ্চেক ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদকৰ দায়িত্ব অৰ্পণ কৰা হয় ৷ বুধবাৰে গুৱাহাটী বিশ্ববিদ্যালয়স্থিত আছুৰ কেন্দ্ৰীয় কাৰ্যালয়ত অনুষ্ঠিত ছাত্ৰ সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ জৰুৰী সভাত এই সিদ্ধান্ত গ্ৰহণ কৰে । আগন্তুক চাৰিমাহৰ ভিতৰত অনুষ্ঠিত হ’বলগীয়া সদৌ আছুৰ সাধাৰণ সভাত নিৰ্বাচন কৰা হ’ব স্থায়ী সাধাৰণ সম্পাদক ৷

লগতে পঢ়ক : চৰ্জুন হাঞ্চেক আছুৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদকৰ দায়িত্ব; শেহতীয়া বিতৰ্ক সন্দৰ্ভত তদন্ত কৰিব আছুৱে - AASU General Secretary in Charge

লগতে পঢ়ক : কোন হ’ব আছুৰ নতুন সাধাৰণ সম্পাদক ? - AASU General Secretary controversy

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.