Locals ousted from Job: ঔষধৰ প্ৰতিষ্ঠানত থলুৱাক বঞ্চিত কৰি বহিৰাগতক নিযুক্তি - থলুৱাক বঞ্চিত কৰি বহিৰগতক নিযুক্তি
🎬 Watch Now: Feature Video

গুৱাহাটী, 19 জুলাই : মহানগৰীত বহিৰাগত বণিয়াৰ দপদপনি ৷ অসমৰ প্ৰতিষ্ঠানতেই থলুৱাক বঞ্চিত কৰি বহিৰাগতক নিযুক্তি দিয়াক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ গুৱাহাটীৰ ছয়মাইলৰ Magnesa নামৰ ঔষধৰ প্ৰতিষ্ঠানটোত সংঘটিত হৈছে এই ঘটনা ৷ প্ৰতিষ্ঠানটোৰ স্বতাধিকাৰী ফিৰোজ খানে 8 বছৰতকৈ অধিক সময় কৰ্মৰত মনজিৎ কলিতা আৰু জুহি স্নেতা দাস নামৰ কৰ্মচাৰী দুগৰাকীক নিজ খেয়াল খুছি মতে কৰ্মৰ পৰা অব্যাহতি দি সেই স্থানত আন এগৰাকী বহিৰাগত প্ৰাৰ্থীক নিযুক্তি দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৷
প্ৰতিষ্ঠানখনৰ এনে হঠকাৰী সিদ্বান্তৰ ফলত বিমোৰত পৰে দুই ভুক্তভোগী কৰ্মচাৰী ৷ সম্প্ৰতি, উপায়হীন দুই ভুক্তভোগীয়ে ঘটনা সম্পৰ্কে অৱগত কৰে লাচিত সেনাক ৷ বুধৱাৰে দিনৰ ভাগত লাচিত সেনা অসমৰ নেতৃত্বত সজাঁতী দল এটা প্ৰতিষ্ঠানটোত উপস্থিত হৈ ঘটনা সম্পৰ্কে বুজ লয় ৷ দলটোৱে প্ৰতিষ্ঠানটোৰ কৰ্তৃপক্ষৰ লগত কথা পাতি পুনৰ দুই কৰ্মচাৰীক নিযুক্তি দিবলৈ দাবী জনায় ৷
লগতে পঢ়ক: Food poison: পেকেট লাঞ্চৰ নামত সভাত খুৱালে ভেঁকুৰযুক্ত কেক