Statues of Usha Aniruddha: তেজপুৰত ঊষা অনিৰুদ্ধৰ প্ৰতিমূৰ্তি উন্মোচন কৰিলে মুখ্যমন্ত্ৰীয়ে
🎬 Watch Now: Feature Video
তেজপুৰ, ৮ এপ্ৰিল : শোণিতপুৰ জিলা প্ৰশাসনে তেজপুৰৰ ক'ৰ্ট চাৰিআলিত স্থাপন কৰা ঊষা-অনিৰুদ্ধ আৰু চিত্ৰলেখাৰ প্ৰতিমূৰ্তি উন্মোচন কৰিলে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (Statues of Usha Aniruddha and Chitralekha unveiled)। শনিবাৰে তেজপুৰ বায়ুসেনা ঘাটিত ৰাষ্ট্ৰপতি দৌপদী মুৰ্মুক সম্ভাষণ জনাই তেজপুৰ চহৰৰ কেইবাটাও কাৰ্যসূচীত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰে (CM unveils Usha Aniruddha statue)।
তেজপুৰ ক'ৰ্ট চাৰীয়ালিত শোণিতপুৰ জিলা প্ৰশাসনে নিৰ্মাণ কৰিছে উষা-অনিৰুদ্ধ আৰু চিত্ৰলেখাৰ প্ৰতিমূৰ্তি (Statues of Usha Aniruddha)। পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু স্বৰূপ এই স্থানত পূৰ্বতে এটা ক্লক টাৱাৰ স্থাপনৰ বাবে প্ৰস্তুতি চলাইছিল । ইয়াৰ বাবে ভূমি পূজনো কৰিছিল তদানীন্তন উপায়ুক্ত ভূপেশ দাসে । পৰৱৰ্তী সময়ত এই স্থানত এজন বিশেষ ব্যক্তিৰ নামত এই ক্লক টাৱাৰ স্থাপন কৰাত তেজপুৰ চহৰৰ একাংশ সংগঠনে আপত্তি দৰ্শোৱাত উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই উক্ত স্থানতে এই উষা-অনিৰুদ্ধ আৰু চিত্ৰলেখাৰ প্ৰতিমূৰ্তি স্থাপন কৰে ।
আনহাতে, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এই মূৰ্তি উন্মোচন কৰাৰ সময়তে এজন যুৱকে মুখ্যমন্ত্ৰীগৰাকীৰ সন্মুখতে জুবিন গাৰ্গৰ গীত পৰিৱেশন কৰাত যুৱকজনৰ গান শুনি তেওঁ কয়, ‘‘বড়ো তই ভাল ছিংগাৰ হ'ব লাগিব । তোক কি-ব'ৰ্ড এখন দিম, ভালকৈ গাবি, বিহুত ফাংছন কৰিব লাগিব ।’’
লগতে পঢ়ক:Rising water level of Brahmaputra: ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি; ফেৰীঘাটত সমস্যাৰ সন্মুখীন মাজুলীবাসী