thumbnail

Assam CM slams Delhi govt: আন ৰাজ্যক দোষাৰোপ কৰিলে দিল্লীৰ বান সমস্যা সমাধান নহয়; হিমন্ত বিশ্ব শৰ্মা

By

Published : Jul 16, 2023, 8:36 PM IST

গুৱাহাটী, ১৬ জুলাই: দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক লক্ষ্য কৰি পুনৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য । দিল্লীৰ বানপানীৰ বাবে হাৰিয়ানা আৰু উত্তৰ প্ৰদেশ চৰকাৰক কেজৰিয়ালে দোষাৰোপ কৰা সন্দৰ্ভত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত কয় ,"মই দিল্লী চৰকাৰক সমালোচনা কৰিব নিবিচাৰো, কিন্তু এটা কথা নিশ্চিত যে মই হাৰিয়ানাৰ পৰা পানী আহিছে, ইউ পিৰ পৰা পানী আহিছে বুলি বিভিন্ন বক্তব্য দেখিবলৈ পাইছো । পানীয়ে কোনো ভৌগোলিক পৰিসীমা নাজানে ।"

অসমলৈ অৰুণাচল, চীনৰ আৰু ভূটানৰ পৰা পানী আহে বুলি মন্তব্য় কৰি  মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই পুনৰ কয়," আমিও বানৰ সন্মুখীন হওঁ ,কিন্তু পানীৰ বাবে অৰুণাচল প্ৰদেশ চৰকাৰ, চীনৰ চৰকাৰ বা ভূটান চৰকাৰক দোষাৰোপ অথবা সমালোচনা নকৰো । কাৰণ আমি বিশ্বাস কৰো যে এইটো এটা প্ৰাকৃতিক ঘটনা ।"  

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে সৰৱ হৈ তেওঁ পুনৰ কয়,"এয়া আপোনাৰ সমস্যা আৰু আপুনি নিজেই সমাধান কৰিব লাগিব । গতিকে আন ৰাজ্য চৰকাৰক দোষাৰোপ কৰিলে সমস্যাটো সমাধান নহয় ৷ আমাৰ মূল কাম বৈজ্ঞানিক প্ৰক্ৰিয়াৰে বানপানী নিৰ্মূল কৰা । কাৰণ বানপানীয়ে ভৌগোলিক পৰিসিমা নামানে ।" 

লগতে পঢ়ক:Polygamy marriage in Assam: বহু বিবাহৰ সম্পৰ্কত ধৰ্মৰ ভিত্তিত জৰীপ চলোৱাৰ দাবী এ আই ইউ ডি এফৰ 

For All Latest Updates

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.