Protest again APDCL in Jorhat: এমাহত বিদ্যুতৰ বিল ৪৬ হাজাৰ টকা; মূৰে কপালে হাত গ্ৰাহকৰ - Jorhat APDCL against
🎬 Watch Now: Feature Video
যোৰহাট,10জুন: ‘‘আমাৰ বিদ্যুত সংযোগ কাটি দিয়ক, তথাপিও মই ইমান বিল দিবলৈ নাই ৷’’ বিদ্যুত বিল দেখি এই দৰে ক্ষোভ উজাৰিলে গ্ৰাহকে ৷ স্মাৰ্ট মিটাৰে জ্বলা কলা খুৱাইছে গ্ৰাহকক ৷ এফালে গৰমত বিদ্যুতৰ লুকাভাকু, আনফালে উচ্চ হাৰত আহিছে বিদ্যুত মাছুল ৷ তাকে লৈ চিন্তিত গ্ৰাহক ৷ স্মাৰ্ট মিটাৰ সংযোগৰ নামত লুন্ঠন চলাইছে নেকি APDCLয়ে ! কাৰণ এটা পৰিয়াললৈ এমাহত বিদ্যুত বিল আহিল ৪৬,০৫২ টকা ৷ উচ্চ হাৰত অহা বিদ্যুত বিল দেখি হতবাক পৰিয়ালটোৰ (Prepaid smart meters) ৷ যোৰহাট জিলাৰ মৰিয়নী সমষ্টিৰ অন্তৰ্গত ফৰেষ্ট ক’লনিৰ এঘৰত বিদুৎ বিভাগে স্মাৰ্ট মিটাৰ সংযোগ কৰাৰ পাচত বিল আহিল ৪৬,০৫২ টকা (Jorhat APDCL against)৷ স্মাৰ্ট মিটাৰ সংযোগ কৰাৰ পূৰ্বতে বিল আহিছিল ২০০ টকাৰ পৰা ৭০০ টকা পৰ্যন্ত (APDCL Smart meters) ৷ হঠাৎ দুখীয়া পৰিয়ালটোলৈ উচ্চ হাৰত অহা বিদ্যুত মাচুল অহাক লৈ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে (High Electricity bill APDCL) ৷
লগতে পঢ়ক: Foundation Day of Mangaldoi Press Club: সমাজৰ প্ৰগতিত সংবাদ মাধ্যমৰ গধুৰ দায়িত্ব আছে