Heroin Seize in Karbi Anglong: খটখটীত লক্ষাধিক টকাৰ হেৰ’ইনসহ সৰবৰাহকাৰীক আটক - খটখটীত হেৰইন জব্দ
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/20-10-2023/640-480-19820429-thumbnail-16x9-kcj.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Oct 20, 2023, 10:53 PM IST
ডিফু, ২০ অক্টোবৰ : কাৰ্বি আংলং জিলাৰ অসম-নাগালেণ্ড সীমান্তৰ খটখটীত আৰক্ষীৰ তালাচীত উদ্ধাৰ হৈছে লক্ষাধিক টকাৰ সন্দেহযুক্ত হেৰ'ইন ৷ প্ৰাপ্ত খবৰ অনুসৰি এক গোপন খবৰৰ ভিত্তিত খটখটী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰমেন বৰদলৈৰ নেতৃত্বত, এছআই (পি) স্বমধন স্বৰ্গীয়াৰী, দীপক লাহন আৰু এএছআই টিকাৰাম বৰাৰীৰ লগতে থানা ষ্টাফৰ সহযোগত শুকুৰবাৰে সন্ধিয়া খটখটী এছবিআই বেংকৰ সন্মুখত নাকা তালাচী চলায় ৷
তালাচী কালত ডিমাপুৰৰ পৰা নাহৰলগুণৰ অভিমুখে গৈ থকা AR 02 B 2077 নম্বৰৰ এখন নৈশ বাছত তালাচী চলাই এটা ক'লা বেগত ১০ টা চাবোনৰ বাকচত লুকুৱাই অনা অৱস্থাত ১২৮.২৮ গ্ৰাম সন্দেহযুক্ত হেৰ'ইন উদ্ধাৰ হয় ৷ সন্দেহযুক্ত হেৰ'ইনখিনিৰ সৈতে আৰক্ষীয়ে জমকলাল শৰ্মা ওৰফে প্ৰদীপ শৰ্মাক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় ৷ উদ্ধাৰ হোৱা সন্দেহযুক্ত হেৰ'ইনখিনি চক্ৰ পৰিদৰ্শক উৎপল বৰ্মন আৰু নিৰপেক্ষ সাক্ষীৰ উপস্থিতিত জব্দ কৰা হয় ৷ হেৰ'ইনখিনিৰ বজাৰ মূল্য প্ৰায় লক্ষাধিক টকা হ’ব বুলি অনুমান কৰা হৈছে ৷