Heavy storm causes severe damage: ধুমুহাই লক্ষাধিক টকাৰ পেণ্ডেল ভঙাক লৈ যোগেন মহনৰ প্ৰতিক্ৰিয়া

By ETV Bharat Assamese Team

Published : Oct 12, 2023, 9:11 PM IST

thumbnail

চৰাইদেউ,১২ অক্টোবৰ: পুৱতি নিশা অহা ভয়ংকৰ ধুমুহাত চৰাইদেউ জিলাখনত বিস্তৰ ক্ষতিসাধন কৰা লগতে বৃহস্পতিবাৰে সোণাৰি ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত হ'বলগীয়া চৰকাৰী অনুষ্ঠানৰ বৃহৎ আকাৰৰ পেণ্ডেল ভাঙি তচনচ কৰিছিল । চৰকাৰৰ অৰুণোদয় আঁচনি, শিক্ষাৰ্থীক চাইকেল বিতৰণ আৰু মাইক্ৰ'ফাইনেঞ্চৰ সাহায্য বিতৰণ আদি কাৰ্যসূচীৰ বাবে নিৰ্মাণ কৰা বহু লক্ষাধিক টকাৰ পেণ্ডেল ভাঙি পৰাত স্থগিত কৰা হৈছিল অনুষ্ঠান ।  

ইয়াৰ পাছতেই এই ঘটনাক লৈ মৰাণত মন্ত্ৰী যোগেন মহনে প্ৰকাশ কৰে প্ৰতিক্ৰিয়া । কিয়নো এই অনুষ্ঠানত ৰাজহ বিভাগৰ মন্ত্ৰীগৰাকী নিজেই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰাৰ কথা আছিল । মন্ত্ৰী যোগেন মহনে জানিবলৈ দিয়ে যে শুকুৰবাৰে একে ঠাইতে একেলগে অনুষ্ঠিত হ'ব দুটাকৈ অনুষ্ঠান । সভাগৃহ পুনৰ নিৰ্মাণ কৰি ছাত্ৰ-ছাত্ৰীৰ মাজত চাইকেল বিতৰণ আৰু অৰুণোদয় আঁচনিৰ স্বীকৃতি পত্ৰ প্ৰদান অনুষ্ঠান বৃহস্পতিবাৰে অনুষ্ঠিত হ'ব । সাংসদ তপন কুমাৰ গগৈয়ে অংশগ্ৰহণ কৰিব লগা এই অনুষ্ঠানত চৰাইদেউ জিলাত নতুনকৈ এঘাৰ হাজাৰ নতুন হিতাধিকাৰী অৰুণোদয় আঁচনিত সংযোজন হ'ব বুলিও উল্লেখ কৰে মন্ত্ৰী গৰাকীয়ে ।  

লগতে পঢ়ক: Heavy storm causes severe damage:নিশাৰ প্ৰচণ্ড ধুমুহাত তচ-নচ লাখটকীয়া পেণ্ডেল

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.