Heavy storm causes severe damage:নিশাৰ প্ৰচণ্ড ধুমুহাত তচ-নচ লাখটকীয়া পেণ্ডেল
🎬 Watch Now: Feature Video
Published : Oct 12, 2023, 11:26 AM IST
ডিব্ৰুগড়, 12 অক্টোবৰ : দুৰ্গা পূজাৰ প্ৰাকক্ষণত চৰাইদেউ জিলাৰ সোণাৰিত নিশা আহিল প্ৰচণ্ড ধুমুহা-বৰষুণ । ধুমুহা-বৰষুণত বিধ্বস্ত হৈ পৰে বহু ঘৰ-দুৱাৰ, ৰাজহুৱা প্ৰতিষ্ঠানৰ লগতে গছ-গছনি । প্ৰচণ্ড ধুমুহাৰ ফলত বিচ্ছিন্ন হৈ পৰে বিদ্যুৎ সংযোগ ।
ধুমুহাৰ প্ৰকোপ ইমানেই ভয়ংকৰ আছিল যে বৃহস্পতিবাৰে সোণাৰিৰ ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত হ’বলগীয়া চৰকাৰী অনুষ্ঠানৰ বাবে নিৰ্মাণ কৰা বৃহৎ আকাৰৰ পেণ্ডেলো ভাঙি তচনছ কৰিলে ধুমুহাই । চৰকাৰৰ অৰুণোদয় আঁচনি, শিক্ষাৰ্থীক চাইকেল বিতৰণ আৰু মাইক্ৰ’ফাইনেন্সৰ সাহায্য বিতৰণ আদি কাৰ্যসূচীৰ বাবে নিৰ্মাণ কৰা বহু লক্ষাধিক টকাৰ পেণ্ডেল ভাঙি পৰাত স্থগিত ৰখা হৈছে অনুষ্ঠান । ধুমুহাৰ পাচতেই পুৱাই এই সন্দৰ্ভত চৰাইদেউ জিলা আয়ুক্তই জাৰি কৰিছে নিৰ্দেশনা । পৰিস্থিতি নিয়ন্ত্ৰণলৈ অহাৰ পাচতে অনুষ্ঠানৰ পৰৱৰ্তী দিন সোনকালেই ঘোষণা কৰা হ’ব বুলি চৰাইদেউ জিলা আয়ুক্তগৰাকীয়ে জানিবলৈ দিছে ।
লগতে পঢ়ক : UNESCO expert leaves Charaideo: বহু তথ্যৰ সম্ভাৰ লৈ চৰাইদেউ এৰিলে ইউনেস্ক’ৰ পৰ্যবেক্ষকে ! অপেক্ষা ভাল খবৰলৈ