Heavy Storm in Nalbari: নলবাৰীত বৰদৈচিলাৰ তাণ্ডৱ, ব্যাহত যাতায়ত - নলবাৰীত বৰদৈচিলাৰ তাণ্ডৱ

🎬 Watch Now: Feature Video

thumbnail

By

Published : Apr 22, 2023, 6:45 AM IST

Updated : Apr 22, 2023, 9:18 AM IST

নলবাৰী, 22 এপ্ৰিল: নলবাৰীত নিশা বৰদৈচিলাৰ তাণ্ডৱ ৷ ধুমুহাৰ তাণ্ডৱত অময়াপুৰত বাগৰি পৰিল প্ৰকাণ্ড গছ ৷ হাজো-নলবাৰী পথৰ অময়াপুৰত গছ বাগৰি ব্যাহত হৈ পৰে গুৱাহাটী-নলবাৰী অভিমুখী যাতায়ত ৷ গছ বাগৰি পৰাৰ ফলত যাত্ৰীসকলৰ মাজত হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হয় (Heavy Storm in Nalbari) ৷  

শুকুৰবাৰে নিশা প্ৰায় 15 মিনিট ধৰি অহা প্ৰচণ্ড ধুমুহাই তাণ্ডৱলীলা চলাই সমগ্ৰ নলবাৰীত ৷ ঠায়ে ঠায়ে ঘৰৰ টিনপাত উৰুৱাই নিয়াৰ সমান্তৰালকৈ ব্যস্ত ৰাজপথত উভালি পৰে প্ৰকাণ্ড গছ ৷ যাৰ ফলত ঘৰমুখী হাজো , নলবাৰী , গুৱাহাটীৰ লোকসকলে তীব্ৰ হাৰাশাস্তিৰ সন্মুখীন হয় ৷ উপপথ বিচাৰি নিশা আবদ্ধ লোকসকলৰ মাজত সৃষ্টি হয় হাহাকাৰময় পৰিৱেশৰ  ৷ পথত গছ বাগৰি পৰাত বহু সময় ৰৈ থাকিব লগা হয় যাত্ৰীসকল  (Storm devastated several areas at Nalbari) ৷  

আনহাতে ধুমুহা শেষ হোৱাৰ বহু সময়ৰ পাচতো পথত উভালি পৰা গছ আতঁৰ কৰিবলৈ বিভাগীয় কোনো লোক উপস্থিত নোহোৱাৰ অভিযোগ পথচাৰীৰ ৷ ফলত দূৰ-দূৰণিৰ বহু লোকে নলবাৰী চহৰ কিম্বা গুৱাহাটীলৈ যাবলৈ বিকল্প পথ বিচাৰি হাৰাশাস্তিৰ সন্মুখীন হয় (Extensive Damage to Storm in Nalbari) ৷ বহু অচিন লোকে বিকল্প পথৰ সন্ধান উলিয়াব নোৱাৰি সেই স্থানতেই বহু সময় আবদ্ধ হৈ থাকিব লগা হয় ৷ পৰৱৰ্তী সময়ত স্থানীয় লোকে বিকল্প পথ দেখুওৱাত যাত্ৰীসকলে গন্তব্য স্থানলৈ গতি কৰে (Heavy storm at various places in Nalbari) ৷

লগতে পঢ়ক: Thiyo naam at barpeta satra : বৰপেটা সত্ৰত সামৰণি পৰিল সাত বিহু

Last Updated : Apr 22, 2023, 9:18 AM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.