Tense situation Chapanala: চাপানালাত বুধবাৰে নিশা উত্তপ্ত পৰিস্থিতি - Tense situation Chapanala
🎬 Watch Now: Feature Video


Published : Sep 28, 2023, 6:12 PM IST
চামগুৰি,২৮ ছেপ্টেম্বৰ: নগাঁও বঢ়মপুৰৰ অন্তৰ্গত চাপানালাত বুধবাৰে নিশা সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ । চাপানালাৰ নিবাসী হেমন্ত কুমাৰ বৰা নামৰ এজন যুৱকে আদিবাসী চাহ জনগোষ্ঠীৰ জাতীয় উৎসৱ কৰম উৎসৱক লৈ সামাজিক মাধ্যমত বিৰূপ মন্তব্য আগবঢ়োৱাক কেন্দ্ৰ কৰি সৃষ্টি হয় এই উত্তপ্ত পৰিস্থিতিৰ । কৰমৰ ওপৰত বিৰূপ মন্তব্য কৰাৰ লগতে নাৰী সমাজৰ ওপৰতো নানা ধৰণৰ অশ্লীল ভাষা প্ৰয়োগ কৰাৰ অভিযোগ উত্থাপন হৈছে যুৱকজনৰ বিৰুদ্ধে ।
ঘটনাৰ সন্দৰ্ভত অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলৰ লগতে চাপানালা চাহ বাগিচাৰ ৰাইজে বুধবাৰে নিশাৰভাগত চামগুৰি আৰক্ষীৰ ওচৰত দাখিল কৰে এখন এজাহাৰ । ইতিমধ্যে যুৱকজনক আৰক্ষীয়ে কৰায়ত্ত কৰি জেৰা অব্যাহত ৰাখিছে । ৰাইজে যুৱকজনক উচিত শাস্তি বিহাৰ দাবী জনোৱাৰ লগতে ভৱিষ্যতে যাতে এনে মন্তব্য কৰিবলৈ সাহস নকৰে তাৰবাবে সকীয়াই দিয়ে ।
লগত পঢ়ত: Dengue Outbreak in Assam: ধনশিৰি মহকুমা ভয়ংকৰ ৰূপ লৈছে ডেংগুৱে