Health Fair : 7 অক্টোবৰৰ পৰা চিলাপথাৰ সামূহিক চিকিৎসালয়ত অনুষ্ঠিত হ’ব স্বাস্থ্য মেলা - health fair at silapathar community hospital
🎬 Watch Now: Feature Video
Published : Oct 6, 2023, 9:04 AM IST
জোনাই, 6 অক্টোবৰ : অহা 7 অক্টোবৰৰ পৰা ধেমাজি জিলাৰ চিলাপথাৰ সামূহিক চিকিৎসালয়ত স্বাস্থ্যমেলা অনুষ্ঠিত হ’ব ৷ এই স্বাস্থ্যমেলাত স্থানীয় চিকিৎসকৰ লগতে বিভিন্ন চিকিৎসালয়ৰ পৰা অহা কেইবাজনো বিশেষজ্ঞ চিকিৎসকে বিভিন্ন ৰোগৰ চিকিৎসা সেৱা প্ৰদান কৰিব ৷ লগতে বিনামূল্যে ৰোগীক ঔষধ পাতিও আগবঢ়াব ৷ এই সন্দৰ্ভত বৃহস্পতিবাৰে চিলাপথাৰ সামূহিক চিকিৎসালয়ত এক সংবাদমেল আয়োজন কৰি এই কথা সদৰী কৰে আয়োজকসকলে ৷
আয়োজকসকলে সংবাদমেলখনত উল্লেখ কৰা অনুসৰি সকলোৰে বাবে বিনামূলীয়া স্বাস্থ্য সেৱা ব্যৱস্থাৰ লক্ষ্যৰ লগতে "আয়ুষ্মান ভৱ" আঁচনিৰ ব্যাপক প্ৰচাৰৰ বাবে এই পদক্ষেপ হাতত লোৱা হৈছে । প্ৰধানমন্ত্ৰী জন আৰোগ্য আঁচনিৰ অধীনতে প্ৰতিজন লোকৰ বাবে আয়ুষ্মান কাৰ্ড নিৰ্মাণৰ ব্যৱস্থা কৰা হ’ব ৷ তদুপৰি ৰেচন, আধাৰ কাৰ্ডৰ লগতে অনান্য নিৰ্ভৰযোগ্য নথিপত্ৰৰ সহায়ত জনসাধাৰণে "স্বাস্থ্য সেৱাৰ কাৰ্ড" উলিৱাব পাৰিব ।
এই সংবাদমেলত চিকিৎসালয়খনৰ ভাৰপ্ৰাপ্ত প্ৰভাৰী বিষয়া ডাঃ ফৰিদ কামান, স্বাস্থ্য প্ৰশিক্ষক কুমুদ সাগৰ সোণোৱাল, গাণনিক জ্যোতিষ পেগুৰ লগতে কেইবাজনো বিভাগীয় কৰ্মচাৰী উপস্থিত থাকে ৷
লগতে পঢ়ক: Anganwadi worker-helper protest: কোকৰাঝাৰত অংগনৱাড়ী কৰ্মী-সহায়িকাৰ ধৰ্ণা