তিতাবৰৰ জানত কাৰ অৰ্ধগলিত মৃতদেহ ?

🎬 Watch Now: Feature Video

thumbnail

যোৰহাট, 2 ডিচেম্বৰ : তিতাবৰত অৰ্ধগলিত অৱস্থাত ক্ষত-বিক্ষত ৰূপত অচিনাক্ত এজন পুৰুষৰ মৃতদেহ উদ্ধাৰ হৈছে । তিতাবৰৰ তামূলবাৰীৰ গটঙাজানত উদ্ধাৰ হয় উক্ত মৃতদেহটো । ঘটনাস্থলীত উপস্থিত হয় আৰক্ষীসহ দণ্ডাধীশ । ইতিমধ্যে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে । বৰ্তমানলৈকে চিনাক্ত কৰিব পৰা হোৱা নাই মৃতদেহটো । এই ঘটনাক লৈ সমগ্ৰ অঞ্চলজুৰি সৃষ্টি হৈছে এক চাঞ্চল্যকৰ পৰিৱেশ ।

ইতিমধ্যে ক্ষত-বিক্ষত অৱস্থাত উদ্ধাৰ কৰাৰ মৃতদেহটো প্ৰত্যক্ষ কৰিবলৈ অঞ্চলটোৰ লোকসকলে ঘটনাস্থলীত ভিৰ কৰে । সকলোৱে প্ৰত্যক্ষ কৰি উক্ত মৃতদেহটো সেই অঞ্চলৰ নহয় বুলি আৰক্ষী সহ উচ্চপদস্থ দলটোক অৱগত কৰে । প্ৰশাসন তৰফৰ পৰা জানিবলৈ দিয়ে যে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ পিচতহে সকলো কথা স্পষ্ট হ’ব । আনহাতে ক’ৰ পৰা উক্ত জানখনত অৰ্ধগলিত অৱস্থাত মৃতদেহটো পৰি ৰ’ল সেই লৈ সমগ্ৰ অঞ্চলত সৃষ্টি হৈছে এক আতংকময় পৰিৱেশৰ ।

আনহাতে একাংশৰ মতে, উক্ত লোকজনক কোনো লোকে হত্যা কৰি উক্ত স্থানত পেলাই থৈ গৈছে । আৰক্ষীৰ নিৰপেক্ষ তদন্তহে গম পোৱা যাব প্ৰকৃত সত্য ৷

লগতে পঢ়ক : ক’ত হেৰাল জলসিঞ্চন বিভাগত কৰ্মৰত তিতাবৰৰ প্ৰদীপ শইকীয়া ?

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.