বৰপেটাত অৰ্ধ শতাধিক লোকৰ ড্ৰাইভিং লাইচেন্স নিলম্বন - Wearing Helmet is Compulsory in Assam
🎬 Watch Now: Feature Video
Published : Dec 27, 2023, 10:46 AM IST
বৰপেটাৰোড,২৭ ডিচেম্বৰ: যান-বাহন আইন উলংঘাকাৰীৰ বিৰুদ্ধে কঠোৰ হৈছে পৰিৱহন বিভাগ । ৰাজ্যৰ বিভিন্ন প্ৰান্তত পৰিৱহণ বিভাগে তালাচী চলাই জৰিমনা বিহিছে বহুজনক । নিলম্বন কৰিছে বহুজনৰ যান-বাহন চলোৱাৰ অনুজ্ঞাপত্ৰ । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে বৰপেটাৰোডতো অভিযান অব্যাহত ৰাখিছে বৰপেটা জিলা পৰিৱহন বিভাগে । বৰ্তমানলৈ বৰপেটা জিলাৰ ৩৩ জন লোকৰ ড্ৰাইভিং লাইচেন্স নিলম্বন কৰিছে বৰপেটা জিলা পৰিবহণ বিভাগে ৷
ইয়াৰ পূৰ্বে আন ২৪ জন লোকৰ ড্ৰাইভিং লাইচেন্স নিলম্বন কৰিছিল ৷ বৰ্তমানলৈকে জিলাখনত সৰ্বমুঠ অৰ্ধ শতাধিক লোকৰ ড্ৰাইভিং লাইচেন্স নিলম্বন কৰা বুলি জানিব পৰা গৈছে ৷ ড্ৰাইভিং লাইচেন্স নিলম্বন কৰা লোকসকল বৰপেটা, বাঘবৰ, সৰ্থেবাৰী, সৰভোগ, হাউলী, বৰপেটাৰোড আৰু কলগাছিয়াৰ বুলি জানিব পৰা গৈছে ৷ বৰপেটা জিলা পৰিবহণ বিভাগৰ এনে পদক্ষেপক সচেতন লোকে পৰিবহণ বিভাগটোক ধন্যবাদ জ্ঞাপন কৰিছে ৷
লগতে পঢ়ক: চৰাইদেউত ড্ৰাগছ জব্দ