Assam delimitation: সমষ্টি পুনৰ নিৰ্ধাৰণ চূড়ান্ত তালিকাৰ বিৰুদ্ধে আইনৰ দাৰস্থ হোৱাৰ হুংকাৰ হাগ্ৰামাৰ - বিটিচিৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য
🎬 Watch Now: Feature Video
Published : Aug 23, 2023, 7:42 PM IST
ওদালগুৰি, 23 আগষ্ট: দেশৰ ৰাষ্ট্ৰপতিয়ে চূড়ান্ত মোহৰ মৰা সমষ্টি পুনৰ নিৰ্ধাৰণ চূড়ান্ত তালিকাত সন্তুষ্ট নহয় বিটিচিৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য তথা বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰী ৷ এই তালিকাক প্ৰত্যাহ্বান জনাবলৈ সাজু বিটিচিৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰী ৷ ওদালগুৰি সমষ্টিটো সংবিধানৰ ষষ্ঠ অনুসূচীৰ অন্তৰ্ভুক্ত হোৱাৰ বাবে এই ক্ষেত্ৰত আইনী পদক্ষেপ গ্ৰহণ কৰাৰ সম্ভাৱনা থাকিলে, সেই ব্যৱস্থা গ্ৰহণ কৰাৰ কথা জানিবলৈ দিয়ে হাগ্ৰামাই ৷
উল্লেখ্য যে, দৰং-ওদালগুৰি লোকসভা সমষ্টি বাতিল কৰি বিটিচিৰ ৭ টা বিধানসভা সমষ্টিকলৈ ওদালগুৰি লোকসভা গঠনৰ দাবীত বুধবাৰে ওদালগুৰি লোকসভা সমষ্টি দাবী সমিতি আৰু বিপিএফ দলে ওদালগুৰি উপাযুক্ত কাৰ্যালয়লৈ এক প্ৰতিবাদী সমদল বাহিৰ কৰে ৷ এই সমদলত উপস্থিত থাকি বিটিচিৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে ৷
তেওঁ লগতে বিটিচি প্ৰধান প্ৰমোদ বড়ো আৰু এবছুৰ নেতাসকলে বিটিচি ধ্বংস কৰা দিশত অগ্ৰসৰ হোৱা বুলি কটু ভাষাৰে সমালোচনা কৰে ৷ তেওঁ প্ৰমোদ বড়োৱে বিটিচিৰ সম্পত্তি বিক্ৰী কৰি খাই আহিছে বুলি মন্তব্য কৰে । তামুলপুৰ সমষ্টিৰ ন্যায়িক পৰিসীমা ৰঙিয়ালৈ স্থানান্তৰ হোৱাৰ পাচতো মন্ত্ৰী, বিধায়ক সকলো চৰকাৰৰ লগত থকাৰ পাচতো কিয় মাত মাতিব পৰা নাই বুলি তেওঁ ওলোটাই প্ৰশ্ন কৰে ৷ তেওঁ লগতে এই সিদ্ধান্ত কোনোপধ্যেই মানি নোলোৱাৰ কথা ব্যক্ত কৰি আইনী ব্যৱস্থা গ্ৰহণৰ সম্ভাৱনা থাকিলে, সেই ব্যৱস্থা গ্ৰহণৰ কথা উল্লেখ কৰে ৷