GMC RAID IN GUWHATI: বশিষ্ঠ চাৰিআলিত গুৱাহাটী পৌৰ নিগমৰ অভিযান

By

Published : May 20, 2023, 12:02 PM IST

thumbnail

গুৱাহাটী, ১৯ মে’ : মহানগৰীৰ বশিষ্ঠ চাৰিআলিত গুৱাহাটী পৌৰ নিগমৰ অভিযান । অভিযানত পৌৰ নিগমে ছীল কৰে কেইবাখনো বিপনীৰ লগতে এখন মাছৰ বজাৰ । দীৰ্ঘদিন ধৰি বাণিজ্যিক অনুজ্ঞাপত্ৰ অবিহনে একাংশই চলাই আছিল ব্যৱসায় । অন্য একাংশই অনুজ্ঞা পত্ৰ নৱীকৰণ নকৰাকৈয়ে চলাই আছিল ব্যৱসায় (Guwahati Municipal Corporation drive) ।

শুকুৰবাৰে আকস্মিকভাৱে গুৱাহাটী পৌৰ নিগমে বশিষ্ঠৰ কেইখনমান দোকানত অভিযান চলোৱাৰ পিচতে  বন্ধ হৈ পৰা দেখা যায় সৰহ সংখ্যক দোকান । জানিব পৰা অনুসৰি সৰহ সংখ্যক দোকানৰে নাই অনুজ্ঞাপত্ৰ । অন্যহাতে অবৈধভাবে পদপথ আবদ্ধ কৰি ব্যৱসায় চলাই আহিছে একাংশই । এই সকলৰ ক্ষেত্ৰতো আগন্তক দিনত কি ব্যৱস্থা গ্ৰহণ কৰে গুৱাহাটী পৌৰ নিগমে সেয়া লক্ষণীয় হ’ব (Guwahati Municipal Corporation) ৷

লগতে পঢ়ক : Dibrugarh Financial Scam: ডিব্ৰুগড় জিলা শিক্ষা বিষয়াৰ কাৰ্যালয়ত বিত্তীয় কেলেংকাৰী সন্দৰ্ভত তদন্ত

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.